ৰাইজলৈ এম্বুলেন্স প্ৰদান সাংসদ প্ৰদ্যুৎ বৰদলৈৰ (Pradyut Bordoloi)। জাগীৰোড (Jagiroad) বিধানসভা সমষ্টিত দিলে দুখনকৈ এম্বুলেন্স। ভাকাজাৰী HWC আৰু খান্দাখাইটি চৰ PHEলৈ এম্বুলেন্স প্ৰদান। স্বাস্থ্য খণ্ডৰ সমস্যাৰাজি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ আশ্বাস সাংসদ বৰদলৈৰ।
ইফালে আলফা(স্বাধীন)লৈ উজনি অসমৰ ৫ গৰাকী যুৱতী যোৱা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ।
“আলফামুখী যুৱক যুৱতীৰ মনৰ ক্ষোভ বুজক চৰকাৰে, কিহৰ তাড়নাত আলফালৈ গৈছে এইসকল।’- এই বুলি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক প্ৰশ্ন সাংসদগৰাকীৰ। তৰুন গগৈৰ সময়ৰে পৰা ৰাজ্যলৈ শান্তি আহিছে। এতিয়া সকলোৱে শান্তি বিছাৰে।’- এই মন্তব্য সাংসদ প্ৰদ্যুৎ বৰদলৈৰ (Pradyut Bordoloi)।
Photo: Khatang Khobor




























Discussion about this post