দেশৰ অৰুণাচল প্ৰদেশ আৰু লাডাখৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত সততে চীনে কৰি অহা সীমা উলংঘনৰ দৰে অতি স্পৰ্শকাতৰ সমস্যা সন্দৰ্ভত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে (MP Pradyut Bordoloi) উত্থাপন কৰা প্ৰশ্ন আগতীয়া প্ৰশ্ন দাখিলৰ সময়ছোৱাতেই লোকসভাত (Loksabha) প্ৰত্যাখান কৰা হয়। দেশৰ ভৌগোলিক সুৰক্ষাৰ প্ৰতি ভাবুকি আহিব পৰা এই গুৰুত্বপূৰ্ণ প্ৰশ্নক লোকসভাত (Loksabha) প্ৰত্যাখানক লৈ এতিয়া চাৰিওদিশে কেতবোৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
উল্লেখ্য যে, অহা শুক্ৰবাৰে চলিত শীতকালীন অধিৱেশনৰ সময়ছোৱাত এই প্ৰশ্নৰ উত্তৰ প্ৰদানৰ নিৰ্দ্ধাৰিত দিন আছিল। কেৱল ৰাষ্ট্ৰীয় স্বাৰ্থ জড়িত কাৰণৰ অজুহাতেৰে এনে জটিল প্ৰশ্ন প্ৰত্যাখানৰ কথা উল্লেখ কৰি কংগ্ৰেছ দলৰ জ্যেষ্ঠ সাংসদগৰাকীয়ে (MP Pradyut Bordoloi) এই কাৰ্যক গণতান্ত্ৰিক নে প্ৰশ্ন উত্থাপন কৰে।
সাংসদ প্ৰদ্যুৎ বৰদলৈৰ টুইট-
Today my question on the alleged Chinese incursions in Arunachal Pradesh and Ladakh has been disallowed in the Lok Sabha. Is it fair and democratic for tough questions to be rejected on the pretext of'National Interests'? @DefenceMinIndia is answerable to the people. pic.twitter.com/mCoRq7IWB5
— Pradyut Bordoloi (@pradyutbordoloi) December 1, 2021
দেশৰ প্ৰতিৰক্ষা খণ্ডৰ সৈতে জড়িত বহিঃদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমা উলংঘনৰ প্ৰশ্নক প্ৰত্যাখানক লৈ কেন্দ্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয় ইয়াৰ বাবে উত্তৰদায়ী হ’ব লাগিব বুলি তেওঁ শেষত টুইট (Tweet) যোগে কয়।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/man-suicide-from-boat-at-majuli-in-assam/4901/
Discussion about this post