অসম আৰক্ষীৰ শেহতীয়া এনকাউণ্টাৰক লৈ সৰৱ হৈ পৰিছে বিধায়ক শ্বেৰমান আলী (MLA Sherman Ali Ahmed)। নগাঁৱৰ কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰৰ (Nagaon Encounter Case) ঘটনাৰ প্ৰতিবেদনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়কগৰাকীয়ে (MLA Reaction)।
শ্বেৰমান আলীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে- ‘অসমৰ ৯৯ শতাংশ এনকাউণ্টাৰে ভুৱা। আনন্দ মিশ্ৰক (Anand Mishra) অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি জেললৈ পঠাব লাগে। বহু নিৰপৰাধী লোকৰ এনকাউণ্টাৰ হৈছে আনন্দ মিশ্ৰৰ বাবে। কীৰ্তি কমল বৰাৰ এনকাউণ্টাৰটো অসমত শেষ ঘটনা হওঁক।
লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ শ্বেৰমান আলীয়ে (MLA Sherman Ali Ahmed) আহ্বান জনাই কয় যে – ‘আপুনি ইতিহাসত কলংক ৰাখি থৈ নাযাব। ইতিহাসৰ কলংকিত নায়ক নহ’ব। কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰেই যাতে শেষ এনকাউণ্টাৰ হয়। আপোনাৰ আৰক্ষী বাহিনীক নিয়ন্ত্ৰণ কৰক। ভৱিষ্যতে আৰক্ষীয়ে যাতে অসমৰ তেজাল ডেকাক এনকাউণ্টাৰ বা হত্যা কৰাৰ সুযোগ নাপায়।’
Photo: Google, Input: News8 Northeast
Discussion about this post