‘মোক পুনৰ গ্ৰেপ্তাৰ কৰিবৰ বাবে অভিসন্ধি কৰিছে। মই জেলৰ পৰা ওলোৱাটো অসম চৰকাৰ মূলত হিমন্ত বিশ্ব শৰ্মা, গৃহ মন্ত্ৰী অমিত শ্বাহে কেতিয়াও বিচৰা নাছিলে।’- সংবাদ মাধ্যমৰ সন্মুখত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়ক অখিল গগৈয়ে।
‘গুলীয়াই, এনকাউণ্টাৰ কৰি হত্যা কৰি দিয়ে, তেতিয়াহলে আইন আদালত বিলাক বন্ধ কৰি দিব লাগে।
মুখ্যমন্ত্ৰী আৰু গৃহ মন্ত্ৰীক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পাতি দিব লাগে। ইমানদিনে অসমৰ মানুহে ভাবি আছিলে যে, সংখ্যালঘূ লোকক এনকাউণ্টাৰ কৰা হৈছে, কাইলৈ আমাক কেতিয়া এনকাউণ্টাৰ কৰে, সাংবাদিকক কেতিয়া এনকাউণ্টাৰ কৰে।’- মুখ্যমন্ত্ৰী আৰু গৃহ মন্ত্ৰীৰ বিৰুদ্ধে সৰৱ অখিল গগৈ।
‘মুখ্যমন্ত্ৰী আৰু DGP ডাঙৰীয়াৰ প্ৰশ্ৰয়ত এনকাউণ্টাৰ কৰা হৈছে। একো একোখন নাটক আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে।
এজনে মানুহ থাকিব লাগে অসমত, মুখ্যমন্ত্ৰীও তেওঁ হ’ব লাগে, ৰাজ্যপালো তেওঁ হ’ব লাগে, ন্যায়াধীশো তেওঁ হ’ব লাগে আৰু অসমত ১২৬জন বিধায়কৰ কাম নাই বুলি ক’লে, বিধায়কো তেওঁ হ’ব লাগে।’- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য়ি এই মন্তব্য বিধায়কগৰাকীৰ।
কিন্তু যিবিলাক মানুহে তেওঁক গুলীয়াবলৈ চেষ্টা কৰিছিল, এতিয়া সেই মানুহবিলাক বাচি গ’ল। মই অপৰাধ আৰু অপৰাধাৰ বিৰুদ্ধে আছো। অসমৰ যিবোৰ ডাঙৰ অপৰাধ, APSC কেলেংকাৰী, সাৰদা কেলেংকাৰী, লুই বাৰ্জাৰ প্ৰতিটো অপৰাধৰ বিৰুদ্ধে মাত মাতি আহিছো।
আজিৰ পৰা উচ্চ ন্যায়ালয়ত মোৰ বিৰুদ্ধে NIA-এ পূৰ্বৰ যিটো চানমাৰি গোচৰ আছিলে সেইটোত NIA আদালতে যে মোক ডিচাৰ্জ কৰি দিছিলে, মোৰ এই বিষয়টো ট্ৰাইল হ’ব নোৱাৰে বুলি কৈ দিছিলে।
এইটো এটা ভুৱা গোচৰ বুলি যে কৈ দিছিলে তাৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনাই ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। আজি গোচৰটোৰ কাৰণে প্ৰথমটো শুনানি, প্ৰথমটো বিষয় লিষ্টেড হৈছে।
নিয়াৰ আদালতে ভুৱা গোচৰ বুলি ৰায় দিয়া চানমাৰিৰ গোচৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে তদন্তকাৰী সংস্থা নিয়া। বিষয়টো সন্দৰ্ভত মুখ খুলি আজি অখিল গগৈয়ে কয় যে, তেওঁ যিকোনো মুহুৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে।
Photo: Khatang Khobor
Discussion about this post