“এজন মুখ্যমন্ত্ৰী, যিয়ে কিতাপ নপঢ়ে, যিয়ে অসমৰ বুৰঞ্জী নাজানে, যিয়ে ভাৰতৰ সংবিধান পঢ়া নাই, যিয়ে দৰকাৰী আইন কেইখন পঢ়া নাই, যিয়ে বিধায়কৰ কি ক্ষমতা আছে সেয়া পঢ়ি লোৱা নাই।
সেইজনেই হ’ল অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, “- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ।
উল্লেখ্য যে জনসংঘৰ প্ৰতিষ্ঠাপক শ্যামা প্ৰসাদ মুখাৰ্জীৰ অসমীয়া ভাষা আৰু জাতি ৰক্ষাত ভূমিকা, ৰাজ্যৰ বিধায়কসকলৰ ক্ষমতা সমষ্টি উন্নয়নত নহয় বিধানসভাতহে, আৰক্ষীৰ নতুন কাৰ্যপদ্ধতি আদি বিষয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ বহু মন্তব্য প্ৰদান কৰিছিল। এই মন্তব্যৰে প্ৰত্যুত্তৰ দিলে বিধায়ক অখিল গগৈয়ে।
বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বৌদ্ধিকভাৱে নিৰক্ষৰ আখ্যা দি ব্যাখ্যা আগবঢ়ায় সমষ্টি উন্নয়নৰ ক্ষেত্ৰত বিধায়কক সংবিধানে প্ৰদান কৰি থোৱা ক্ষমতাৰ কথা, লগতে শ্যামাপ্ৰসাদ মুখাৰ্জীৰ ভাষা ৰক্ষাত ভূমিকা সম্পৰ্কে।
বিধায়ক গগৈয়ে কয়- “মুখ্যমন্ত্ৰী শৰ্মাই আইন নজনাকৈ বিধায়কসকলক অপমান কৰিছে, অসমক পুলিচ ৰাজ্য বনোৱাৰ কাম আৰম্ভ কৰিছে।”
মুখ্যমন্ত্ৰীয়ে গণতন্ত্ৰত বিধায়কৰ ভূমিকা পৰিকল্পিতভাৱে হ্ৰাস কৰিব বিচাৰি আইন আৰু উচ্চতম ন্যায়ালয়ৰ ৰায়ক অৱমাননা কৰিছে বুলি মন্তব্য কৰি বিধায়ক গগৈয়ে মুখ্যমন্ত্ৰী শৰ্মাক সংবিধানত ক’ত অভিভাৱক মন্ত্ৰীৰ কথা আছে সেয়া স্পষ্ট কৰিবলৈ প্ৰত্যাহ্বান জনায়।
আনহাতে অসমীয়া ভাষা ৰক্ষাত শ্যাম্যাপ্ৰসাদ মুখাৰ্জীৰ কোনো ভূমিকা নাই বুলি উল্লেখ কৰি বিধায়ক গগৈয়ে কয় যে শ্যাম্যাপ্ৰসাদ মুখাৰ্জী এজন হিন্দুত্ববাদী নেতা আছিল।
মুখাৰ্জীয়ে গ্ৰুপিঙৰ পৰা অসম বচালে বুলি অসমৰ কোনো ইতিহাসত লিখা নাই, অসমীয়া ভাষাক আধুনিক ৰূপ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাইহে দিছে বুলি মন্তব্য কৰে তেওঁ।
Photo: Google
Discussion about this post