মন্ত্ৰী পীযুষ হাজৰিকাই (Minister Pijush Hazarika) বহু কেইটা বিষয়ৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য কৰে। শেহতীয়াকৈ ৰাজ্যত আৰম্ভ হোৱা CAA আন্দোলন সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে।
মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে-‘কা (CAA)’-ৰ নামত আন্দোলন কৰি অসম আৰু অসমীয়াক বিপথে পৰিচালিত কৰাৰ চেষ্টা চলোৱা হৈছে। আমি ৩০ হাজাৰ নিৱনুৱাক চাকৰি দিবলৈ গৈ আছো, আন্দোলন কৰি তেওঁলোকক অন্যায় নকৰিব।
মন্ত্ৰী হাজৰিকাই সকীয়নি দি কয়- ‘CAA হ’লেই বাংলাদেশী আহিব, এইটো গোকাট মিছা কথা। মিছা কথা কৈ পৰিৱেশ বেয়া নকৰিব। অসমৰ মানুহক আন্দোলন কৰি পিছুৱাই নিয়াৰ চেষ্টা এৰক।’
অসমীয়া শব্দটো অহমীয়া-অছমীয়া বুলি কয়। দুষ্কৃতিকাৰী আন্দোলনকাৰীয়ে ধ্বংস কৰিলে গুৱাহাটীখন। অসমীয়াৰ স্বাভিমান শৰাইখন গুৰিওৱাৰ বাবেই CAA আন্দোলন সফল নহ’ল বুলি মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ (Minister Pijush Hazarika)।
Photo: Google
Discussion about this post