মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে ৰাজ্যবাসীক ৷ জাতীয় সংগঠন, বিৰোধী দল সকলোৱে মূল্যবৃদ্ধিৰ প্ৰতিবাদত উত্তাল কৰিছে ৰাজ্যৰ আকাশ-বতাহ ৷ পিছে শাসকীয় পক্ষৰ সাংসদ ৰামেশ্বৰ তেলী, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাসহ এচাম নেতাই মূল্যবৃদ্ধি সন্দৰ্ভত কৰা টুলুঙা মন্তব্যৰ বাবে এতিয়া ক্ষুব্ধ হৈ পৰিছে সৰ্বসাধাৰণ জনতা তথা সচেতন সমাজ ৷
এনে সময়তে নলবাৰীৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই (Jayanta Malla Baruah) মূল্যবৃদ্ধি সন্দৰ্ভত প্ৰদান কৰিছে বিশেষ টিপ্পনী ৷ বিজেপি বিধায়ক গৰাকীৰ মতে বৰ্তমানৰ মূল্যবৃদ্ধি হেনো ২০-৩০ বছৰ আগৰ ভুলৰ হে পৰিণতি ৷
জয়ন্ত মল্ল বৰুৱা-
মূলত পূৰ্বৰ চৰকাৰ সমূহলৈ আঙুলি টোৱাই তেওঁ কয় যে, আজিৰ পৰা ২০-৩০ বছৰ আগতেই হেনো মূল্যবৃদ্ধি ৰোধৰ পদক্ষেপ লোৱা উচিত আছিল ৷ তেতিয়া তেনেধৰণৰ কোনো পদক্ষেপ নোলোৱাৰ বাবেই অসম এখন উপভোক্তাৰ ৰাজ্য হৈ পৰিল বুলি তেওঁ মন্তব্য কৰে ৷
উপভোক্তা ৰাজ্য হোৱাৰ বাবেই মূল্যবৃদ্ধি হোৱাৰ কথা কৈ তেওঁ কয় যে, বিহাৰৰ পৰা পিয়াঁজ আহিলে, অন্ধ্ৰ প্ৰদেশৰ পৰা মাছ-কণী আহিলে, পঞ্জাৱৰ পৰা চাউল-আলু আহিলে মূল্য বাঢ়িবই বুলি তেওঁ উল্লেখ কৰে ৷ ইয়াৰোপৰি পঞ্জাৱৰ পৰা গাহৰি আহিলে দাম বাঢ়িবই বুলিও মন্তব্য কৰে তেওঁ ৷
Photo: Khatang Khobor
Discussion about this post