ভাৰতে বিভিন্ন দিশত বিশ্বত ক্ৰমাৎ খোপনি দৃঢ় কৰিছে । বিশ্ব অৰ্থনীতিত পঞ্চম স্থান দখলৰ পিচত বৰ্তমান ভাৰতে শক্তিধৰ দেশৰ তালিকাতো ক্ৰমান্বয়ে নিজৰ স্থান উন্নীত কৰি আহিছে । ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে বিশ্বনেতাৰ শীৰ্ষস্থান দখল কৰিছে ।
এইবাৰ বিশ্ব দৰবাৰত ভাৰতৰ আন এক ঈৰ্ষণীয় সফলতা । বিশ্ব অৰ্থনীতিত পঞ্চম স্থান দখলৰ পিচত এইবাৰ ভাৰতে অন্যতম শক্তিধৰ দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে । বুধবাৰে (২৫ ছেপ্টেম্বৰ) তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে প্ৰকাশ কৰা এক চৰকাৰী বিবৃতি অনুসৰি, ভাৰতে জাপানক অতিক্ৰম কৰি এছিয়া শক্তি সূচকত তৃতীয় (3rd largest) বৃহত্তম শক্তি হিচাপে পৰিগণিত হৈছে ।
মন্ত্ৰণালয়ে উল্লেখ কৰা মতে, এই সাফল্য ভাৰতৰ গতিশীল বিকাশ, যুৱ জনসংখ্যা আৰু অৰ্থনীতিৰ সম্প্ৰসাৰণৰ দ্বাৰা পৰিচালিত হৈছে । ইয়াৰ দ্বাৰা ভাৰতক এক আগশাৰীৰ শক্তি হিচাপে নিজৰ স্থিতি দৃঢ় কৰি তুলিছে । ই দেশৰ বৰ্ধিত ভূ-ৰাজনৈতিক মৰ্যাদাও প্ৰতিফলিত কৰে ।
২০১৮ চনত ল’ৱি ইনষ্টিটিউটৰ (Lowy Institute) দ্বাৰা আৰম্ভ কৰা এছিয়া শক্তি সূচক (Asia Power Index) হৈছে এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শক্তিৰ গতিশীলতাৰ এক বাৰ্ষিক পৰিমাপ । ই সমগ্ৰ এছিয়া-প্ৰশান্ত মহাসাগৰৰ ২৭ খন দেশক মূল্যাঙ্কন কৰে । এই সূচকে বাহ্যিক পৰিৱেশৰ আকাৰ আৰু ইয়াৰ প্ৰতি সঁহাৰি দিয়াৰ বাবে দেশবোৰৰ সামৰ্থ্য পৰীক্ষা কৰে ।
মন্ত্ৰণালয়ে কয় “ভাৰতে মহামাৰীৰ পিচত অৰ্থনৈতিক পুনৰুদ্ধাৰৰ ক্ষেত্ৰত উল্লেখনীয় প্ৰদৰ্শন কৰিছে । যাৰ ফলত ইয়াৰ অৰ্থনৈতিক সামৰ্থ ৮.২ পইণ্ট বৃদ্ধি পাইছে । ভাৰতৰ বৃহৎ জনসংখ্যা আৰু শক্তিশালী জিডিপি বৃদ্ধিয়ে পি পি পিৰ ক্ষেত্ৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হিচাপে ইয়াৰ স্থিতি শক্তিশালী কৰে ।
উল্লেখ্য যে এই তালিকাৰ শীৰ্ষস্থানত আছে আমেৰিকা । আনহাতে, দ্বিতীয় স্থানত চীন আৰু তৃতীয় স্থানত আছিল জাপান । বৰ্তমান ভাৰত।
Discussion about this post