মাজুলীৰ বিধায়ক পদৰ পৰা পদত্যাগ কৰে সৰ্বানন্দ সোণোৱালে। মঙলবাৰে বিধায়ক পদ ত্যাগ কৰে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীলৈ ই-মেইলযোগে পদত্যাগ পত্ৰ প্ৰেৰণ কৰে সৰ্বানন্দ সোণোৱালে।
ইফালে আজি অসমৰ বিধানসভা উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰা হয়। ৩০ অক্টোবৰত ৰাজ্যত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন। মৰিয়নি, থাউৰা, তামুলপুৰ, গোসাঁইগাঁও আৰু ভৱানীপুৰত এই উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব।
মাজুলীৰ বিধায়ক হিচাপে সৰ্বানন্দ সোণোৱালে পদত্যাগ কৰাৰ পিছত পৰৱৰ্তীকালত নিৰ্বাচন আয়োগে মাজুলী উপ-নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিব।
Photo: Google
Discussion about this post