পুনৰ বিপদত বিতৰ্কিত বিধায়ক শ্বেৰমান আলী (MLA Sherman Ali Ahmed)। শ্বেৰমান আলীৰ বিৰুদ্ধে লতাশিল থানাত দাখিল কৰা হ’ল এজাহাৰ (Fir Againts Sherman Ali) । ‘স্বল্পবসনা নাৰী আৰু যৌন উত্তেজক ড্ৰেছ পিন্ধাৰ বাবে ধৰ্ষণ (Rape) বৃদ্ধি হয় বুলি মন্তব্য কৰাৰ পিছতেই শ্বেৰমান আলীৰ বিৰুদ্ধে লতাশিল থানাত দাখিল কৰা হ’ল এজাহাৰ।
লতাশিল থানাত (Latasil Police) এজাহাৰ দাখিল কৰিলে নিৰ্যাতন বিৰোধী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদিকা তথা নাৰী শক্তিৰ ৰাষ্ট্ৰীয় সন্মান লাভ কৰা সুমিত্ৰা হাজৰিকাই। এজাহাৰ দাখিল কৰি নাৰী শক্তিক অপমান কৰাৰ অভিযোগত শ্বেৰমান আলীক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনাইছে।
সুমিত্ৰা হাজৰিকাই শ্বেৰমান আলীৰ মন্তব্যত (MLA Sherman Ali Ahmed) সমালোচনা কৰি কয় যে- ‘তেওঁ সুস্থ মগজুৰ মানুহ নহয় নেকি? কুৰ্টা বা মেখেলা চাদৰ পিন্ধা ছোৱালীৰো ধৰ্ষণ হৈ আছে। সৰু সৰু ছোৱালীক বৃদ্ধ লোকে ধৰ্ষণ কৰিছে।
ইফালে স্বল্পবসনা, যৌন উত্তেজক পোছাক পিন্ধনৰ বাবে ধৰ্ষণৰ দৰে ঘটনা বৃদ্ধি পাইছে বুলি বিধায়ক শ্বেৰমান আলী আহমেদৰ (MLA Sherman Ali Ahmed) উদ্ভট মন্তব্যই জোকাৰিছে ৰাজ্য। শ্বেৰমান আলীক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী উঠিছে। আনহে নালাগে, শ্বেৰমানৰ বিতৰ্কিত মন্তব্যত নাক কোচালে কংগ্ৰেছৰ বিধায়কেও।
Photo & Input: Khatang Khobor
Discussion about this post