পুনৰ বিতৰ্কিত ধিঙৰ বিধায়ক (Dhing Mla) আমিনুল ইছলাম (Aminul Islam)। ডা৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হৈ আছে নে আৰ RSSৰ মুখপাত্ৰ হৈ আছে সেই কথা বৰ্তমানেও ধৰিব পৰা নাই আমিনুলে।
মুখ্যমন্ত্ৰীয়ে RSS আৰু নাগপুৰৰ সমৰ্থনত কথা কয়, নিজে কথা কোৱাৰ মামৰ্থ হেৰুৱাইছে। আমিনুলে জেলৰ ভাত খাব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে দিয়া কঠোৰ সকিয়নীৰ পিছতো একেই স্থিতিতে অটল বিধায়ক আমিনুল ইছলাম।
ভাৰতৰ কোন কোন মন্দিৰত ঔৰংগজেৱে ভূমি দিছিল সেই কথা ALLAHABAD MUNICIPALITY CORPORATIONৰ প্ৰাক্তন সভাপতি ড৹ বি এন পাণ্ডেৰ কিতাপত লিখা আছে আৰু সেই কিতাপ মুখ্যমন্ত্ৰীক পঢ়িবলৈ আহব্বান আমিনুলৰ।
কামাখ্যা মন্দিৰত মোগল বাদশ্বাহ ঔৰংগজেৱে মাটি দিয়াৰ দাবী ধিঙৰ AIUDFৰ বিধায়ক আমিনুল ইছলামৰ (Aminul Islam)। মুখ্যমন্ত্ৰীক পুনৰ ইতিহাস পঢ়িবলৈ আহব্বান ধিঙৰ বিধায়কৰ।
আনহাতে, পকীপথসমূহত গৰু এৰাল নিদিবলৈ ৰাইজক আহব্বান আমিনুলৰ। গো-মুত্ৰ আৰু গোবৰে বিটুমিন টেম্পাৰ একেবাৰে নিঃশেষ কৰি দিয়ে বুলিও ছচিয়েল মেডিয়াত কৰা আন এক মন্তব্যক লৈয়ো প্ৰতিক্ৰিয়া অব্যাহত আছে ।
Photo & Input: ছাইদুল ইছলাম
আৰু পঢ়কঃ https://khatangkhobor.com/news/india-book-of-records-nagaon-child-in-assam/5016/
Discussion about this post