শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা National Mission of edible oil- oil palm অৰ্থাৎ ৰাষ্ট্ৰীয় ভোজ্য তেল মিছন-অইল পাম ৰ প্ৰকল্প ৰূপায়ণৰ পৰিকল্পনাৰ বিৰুদ্ধে শুকুৰবাৰে বিৰোধ প্ৰকাশ কৰে কংগ্ৰেছ দলৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। গুৱাহাটী মহানগৰীৰ ৰাজীৱ ভৱনত আয়োজিত এক সংবাদমেলত সাংসদগৰাকীয়ে এই অভিযানৰ অধীনত অসমকে ধৰি কেৰালা, আন্দামান নিকোবৰ দ্বীপপুঞ্জ,অৰুণাচল প্ৰদেশৰ কেতবোৰ অঞ্চলত পাম খেতি কৰিবলৈ ওলোৱা কাৰ্যই ভৱিষ্যতে অঞ্চলতসমূহৰ জৈৱ-বৈচিত্ৰতাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব বুলি তেওঁ কয়। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীলৈ পত্ৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ। উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে দেশৰ ভোজ্য পাম অইলৰ আমদানিৰ পৰিমাণ হ্ৰাস কৰিবলৈ পাম খেতিৰ কাৰ্যসূচী হাতত লৈছে।
সংবাদমেলত, পাম খেতিৰ ফলত হ’বলগা ভয়াৱহতাৰ বিভিন্ন দিশ উল্লেখ কৰি সাংসদ গৰাকীয়ে কয় যে চুবুৰীয়া ৰাষ্ট্ৰ শ্ৰীলংকাতো চলিত বৰ্ষত পাম অইল ৰপ্তানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে ১৯৮০ চনত আন্দামান নিকোবৰ দ্বীপপুঞ্জত চৰকাৰে পাম খেতিৰ কাৰ্যৰ বাবে লোৱা প্ৰচেষ্টাক দেশৰ উচ্চতম ন্যায়ালয়ে বিৰোধ কৰিছিল।
তদুপৰি সংবাদমেলত মাত্ৰ কেইগৰাকী বণিয়াৰ ব্যৱসায়িক স্বাৰ্থ শক্তিশালী কৰিবলৈ গৈ ৰাজ্যখনক বলিৰ পঠা নসজাবলৈ তেওঁ আহ্বান জনায়। আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো ৰাজ্যত পাম খেতি কৰিবলৈ ওলোৱা কাৰ্যত কেৱল কেন্দ্ৰৰ আদেশ মানি বিনা বাক্যে নিৰ্দেশ পালনৰ প্ৰৱণতা ত্যাগ কৰিবলৈ আহ্বান সংবাদমেলত জনায় প্ৰদ্যুৎ বৰদলৈয়ে।
Photo: Google
Discussion about this post