দেওবাৰে তামুলপুৰত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)। উপ-নিৰ্বাচনৰ (By Election)আগমুহূৰ্তত বিজেপি-ইউপিপিএল সমৰ্থিত প্ৰাৰ্থী জলেন দৈমাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীগৰাকীয়ে।
প্ৰচাৰ চলোৱাৰ আগমুহূৰ্তত তামুলপুৰৰ পাগলদিয়া নদীত (Pagaldia River) নিৰ্মীয়মান দলঙৰ কামৰ বুজ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma)। বুজ লোৱাৰ সময়ত উপস্থিত থাকে স্থানীয় ৰাইজৰ লগতে শিশু।
“দলং হ’লেই সোনকালে গুৱাহাটীলৈ যাব পাৰিবি। দলং হোৱাৰ পিছত মোক খানা খুৱাব লাগিব।” মৰমৰ মুখ্যমন্ত্ৰীজনৰ পৰা ল’লে দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি। হিমন্ত বিশ্ব শৰ্মাইও সকলোকে দিলে প্ৰতিশ্ৰুতি দলং হ’বই।
তাৰ পিছতে তামুলপুৰৰ মটঙা পাৰ্কত অনুষ্ঠিত নিৰ্বাচন সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী শৰ্মাই।
Photo & Input: Khatang Khobor
Discussion about this post