হঠাৎ বিদ্যুতৰ মাচুল বৃদ্ধিক (Current Bill) লৈ ৰাজ্যত অব্যাহত আছে প্ৰতিক্ৰিয়া। বিদ্যুতৰ মাচুল বৃদ্ধিক লৈ প্ৰায় মন্ত্ৰী আৰু বিধায়কৰ মন্তব্য প্ৰকাশ পায়ে আছে সংবাদ মাধ্যমত। আৰু এই মন্তব্যবোৰে বিপদত পেলাইছে সাধাৰণ জনতাক।
এই সকলোৰে মাজতে মঙলবাৰে পুনৰ বিদ্যুতৰ মাচুল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma)। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে- ‘APDCL-এ আজি বিজ্ঞাপন প্রকাশ কৰিব’। ‘বিদ্যুৎ বিলক লৈ সমস্যা থকা পৰিয়ালে আবেদন কৰিব লাগিব।’
ইয়াৰ উপৰিও প্ৰত্যেকে নিজৰ এলেকাৰ APDCLৰ কাৰ্যালয়ত আবেদন কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। তেওঁ লগতে কয় যে, বিদ্যুৎ বিভাগৰ কৰ্মীয়ে ঘৰলৈ গৈ মিটাৰসমূহ পৰীক্ষা কৰিব আৰু যদি কোনো খেলিমেলি ধৰা পৰে তেন্তে পৰৱৰ্তী বিলৰ সৈতে মূল্য মিলাই দিয়া হ’ব।
Photo: Google




























Discussion about this post