‘মোৰ এনেকুৱা ভাব হৈছে যে মৰিয়ণীত (Morioni) ৰূপজ্যোতি কুৰ্মী (Rupjyoti Kurmi) হাৰিব। মৰিয়নীত ৰূপজ্যোতি কুৰ্মীয়ে যদিও বহুত লেকচাৰ মাৰি আছে, ডাঙৰ ডাঙৰ কথা কৈ আছে, কিন্তু মৰিয়ণীত ৰূপজ্যোতি কুৰ্মী হাৰিব আৰু নিৰ্বাচনত সঞ্জীৱ গগৈক ৰাইজে জিকাব। আচলতে ৰূপজ্যোতি কুৰ্মীক হৰুৱাবয়ে লাগে কাৰণ, ৰূপজ্যোতি কুৰ্মী এটা তোলনি বিয়া খোৱা মানুহ। ২০ বছৰ ধৰি তেওঁ শানসত আছে কিন্তু সমষ্টিটোৰ অৱস্থা চাওক।’- উপ নিৰ্বাচনক লৈ বৃহস্পতিবাৰে অখিল গগৈয়ে (Akhil Gogoi) মৰিয়ণী সমষ্টিৰ ৰাইজৰ দলৰ নিৰ্দলীয় প্ৰাৰ্থী সঞ্জীৱ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ৰূপজ্যোতি কুৰ্মীক (Rupjyoti Kurmi) এই বুলি কটাক্ষ কৰে।
‘কেৱল কমিচন খাবৰ বাবে এজন বিধায়ক ৰখাৰ কোনো প্ৰয়োজন নাই। কুৰ্মীয়ে বিজেপিলৈ যোৱাৰ এটাই কাৰণ কয়লা ছিণ্ডিকেট কৰিব লাগে। এতিয়া যে ৰাস্তা-পদূলি বনাই আছে, তাৰে কমিচন খাবলৈ ৰূপজ্যোতি কুৰ্মী বিজেপিলৈ গৈছে। ৰাইজে সঞ্জীৱ গগৈক ভোট দিয়ক, গেছ চিলিণ্ডাৰ চিহ্নত ভোট দিয়ক- এই বুলি ৰাইজক আহ্বান ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ (Sivasagar) সমষ্টিৰ বিধায়ক (MLA) অখিল গগৈৰ (Akhil Gogoi)।
উপ নিৰ্বাচনলৈ (By Election) মাজত মাত্ৰ কেইটামান দিন বাকী। নিৰ্বাচন হ’বলগীয়া ৫টা সমষ্টিত প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে কংগ্ৰেছ-বিজেপিৰ লগতে ৰাইজৰ দলে। ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে (Akhil Gogoi) থাওৰা আৰু মৰিয়নি সমষ্টিত দলীয় প্ৰাৰ্থীক জয়ী কৰাবলৈ দিন ৰাতি একাকাৰ কৰিছে। বৃহস্পতিবাৰে অখিল গগৈয়ে মৰিয়নি সমষ্টিৰ ৰাইজৰ দলৰ নিৰ্দলীয় প্ৰাৰ্থী সঞ্জীৱ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়।
সঞ্জীৱ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই তীব্ৰ সমালোচনা কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাৰ (Pijush Hazarika) লগতে সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীক। মন্ত্ৰী পীয়ুষ হাজৰিকাক ছিণ্ডিকেটৰ মাষ্টাৰ বুলি অভিহিত কৰাৰ লগতে ৰূপজ্যোতি কুৰ্মীক জকৰ আৰু তোলনি বিয়া খাই ফুৰা বিধায়ক আখ্যা দিয়ে অখিল গগৈয়ে।
Photo: Khatang Khobor
Discussion about this post