আজি ৰাজ্যৰ ৫টা সমষ্টিত অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন (By Election)। মৰিয়নী (Morioni), গোসাঁইগাঁও (Gossaigaon), ভৱানীপুৰ (Bhabanipur), তামুলপুৰ (Tamulpur), থাওৰা (Thowra) সমষ্টিত অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন। পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈ সন্ধিয়া ৫ বজালৈ চলিব ভোটদান প্ৰক্ৰিয়া।
থাউৰা সমষ্টিৰ ডিমৌ ৰাইচাইস্থিত ডিমৌ টাউন উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৫৫ (ক) নং ভোট গ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে শাসকীয় দল বিজেপিৰ প্ৰাৰ্থী সুশান্ত বৰগোঁহায়ে। মৰিয়নীত ৰাইজৰ দলৰ প্ৰাৰ্থী সঞ্জীৱ গগৈয়ে কৰে ভোটাধিকাৰ সাব্যস্ত। তামুলপুৰ বিধান সভা সমষ্টিত ভোটাধিকাৰ সাব্যস্ত কৰিলে বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। থাউৰাৰ ৮৩৫নং কোঁৱৰ দিহিঙীয়া প্ৰাথমিক বিদ্যালয়ত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী মনোৰঞ্জন কোঁৱৰে। ভোটাধিকাৰ সাব্যস্ত কৰিলে ইউ পি পি এলৰ প্ৰাৰ্থী জিৰণ বসুমতাৰীয়ে।
ইফালে ভোটদান প্ৰক্ৰিয়া চলি থকাৰ মাজতে হঠাতে ইভিএম (EVM) বিকল হৈ পৰে মৰিয়নী বিধানসভা সমষ্টিত। ভৱানীপুৰ সমষ্টিৰ বাক্সাৰ শালবাৰীৰ বৰট্টাৰী ৬৬ নং ভোট কেন্দ্ৰতো বিকল ইভিএম।
গোসাইগাঁৱত পুৱা ১১.২০বজালৈকে ভোটদানৰ হাৰ হৈছে ৩৯.৩৫ শতাংশ। ভৱানীপুৰত পুৱা ১১.২০ বজালৈকে ভোটদানৰ হাৰ হৈছে ৪১ শতাংশ। তামুলপুৰত পুৱা ১১.২০ বজালৈকে ভোটদানৰ হাৰ হৈছে ২১ শতাংশ। মৰিয়নীত পুৱা ১১.২০ বজালৈকে ভোটদানৰ হাৰ হৈছে ১৯.৪৯ শতাংশ। থাওৰাত পুৱা ১১.২০ বজালৈকে ভোটদানৰ হাৰ হৈছে ৩৮.৬ শতাংশ।
Photo: Khatang Khobor




























Discussion about this post