ৰাজ্যৰ উপ-নিৰ্বাচনৰ বাবে আজি বিজেপি আনুষ্ঠানিকভাৱে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে। বিজেপিয়ে তিনিটা সমষ্টি ক্ৰমে ৪১নং ভৱানীপুৰ, ১০১নং মৰিয়নী আৰু ১০৭নং থাওৰা সমষ্টিৰ বাবে দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰে।
বিজেপিৰ প্ৰাৰ্থীৰ তালিকা অনুসৰি মৰিয়নী আৰু থাওৰা সমষ্টিত প্ৰাক্তন কংগ্ৰেছী বিধায়ক ক্ৰমে ৰূপজ্যোতি কুৰ্মী আৰু সুশান্ত বৰগোঁহায়ে বিজেপি প্ৰাৰ্থী হিচাপে উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব।
আনহাতে, ভৱানীপুৰ সমষ্টিত এ আই য়ু ডি এফ এৰি বিজেপিত যোগদান কৰা ফণীধৰ তালুকদাৰে বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।
তিনিওটা সমষ্টিৰ বিধায়ক তিনিজনে কংগ্ৰেছ আৰু এ আই য়ু ডি এফ দল ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হ’ল।
Photo: Google




























Discussion about this post