প্ৰাক্তন কংগ্ৰেছী সাংসদ সুস্মিতা দেৱৰ দল ত্যাগ। তৃণমূল কংগ্ৰেছত যোগদান কৰিব সুস্মিতা দেৱে। মমতা বেনাৰ্জী আৰু অভিষেক বেনাৰ্জীক সাক্ষাৎ কৰিব দলত্যাগী নেত্ৰীগৰাকীয়ে।
মহিলা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভানেত্ৰী আছিল সুস্মিতা। হাইকমাণ্ডলৈ ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে সুস্মিতা দেৱে। শিলচৰৰ প্ৰাক্তন সাংসদগৰাকীৰ মতে এয়া তেওঁৰ জনসেৱাৰ নতুন পৃষ্ঠা। পূৰ্বে শিলচৰৰ সাংসদ আছিল সুস্মিতা দেৱ। অৱশ্যে এতিয়াও তেওঁ প্ৰকাশ কৰা নাই পদত্যাগৰ কাৰণ।

ইতিমধ্যে নিজৰ টুইটাৰ একাউণ্টত তেওঁ নিজকে কংগ্ৰেছৰ প্ৰাক্তন সদস্য বুলি লিখাৰ লগতে All India Mahila Congressৰো প্ৰাক্তন সভানেত্ৰী বুলি উল্লেখ কৰিছে।
ইফালে প্ৰাক্তন কংগ্ৰেছী সাংসদ সুস্মিতা দেৱৰ দল ত্যাগৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। তেওঁ কয় যে, চূড়ান্ত হতাশগ্ৰস্ততাত দল ত্যাগ কৰিছে সুস্মিতাই। এটা নিৰ্বাচনত পৰাজয় বৰণ কৰি মনোবল হেৰুৱাইছে সুস্মিতাই। মই নাভাৱো ‘কা’ বা আন কিবা ইছ্যুত দল এৰিছে সুস্মিতা দেৱে। ক’ত যোগদান কৰে সেয়া তেওঁৰ নিজা কথা।
Photo: Google





























Discussion about this post