সমগ্ৰ দেশৰ লগতে ৰাজ্যতো মূল্যবৃদ্ধিয়ে (Price Hike) জ্বলা-কলা খুৱাইছে ৰাজ্যবাসীক। এনে পৰিস্থিতিত মূল্যবৃদ্ধিৰোধৰ বাবে চৰকাৰে ব্যৱস্থা লোৱাৰ পৰিৱৰ্তে নেতা-মন্ত্ৰী-বিধায়কসকলে উদ্ভট মন্তব্য অব্যাহত ৰাখিছে। শেহতীয়াকৈ মিঠাতেল (Mustard Oil Price)ৰ দামক লৈ দুই এজন নেতা-বিধায়কে ৰাইজক দিছে আবোল-তাবোল পৰামৰ্শ।
আমাৰ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা (Bhabesh Kalita)ই মিঠাতেল দীপাৱলীত কমকৈ ব্যৱহাৰ কৰক বুলি অদ্ভূট যুক্তি দি কয়- আগতে যদি ৫০ গচি চাকি জ্বলাইছিল এইবাৰ ১০ গচি জ্বলাওক। একেদৰে মিঠাতেল নাখাবলৈ পৰামৰ্শ দিছে দিছপুৰৰ বিধায়ক অতুল বৰা (Atul Bora)ই।
ভৱেশ কলিতা-অতুল বৰাৰ মন্তব্য-
দিছপুৰৰ বিজেপি বিধায়ক অতুল বৰাই ৰাজ্যবাসীক আহ্বান জনাইছে মিঠাতেল কমকৈ খাবলৈ। সাংবাদিকৰ আগত অতুল বৰাই কয়, “মানুহে মিঠাতেল কমকৈ খাব লাগে, মই বয়ল আহাৰ খাওঁ।” শাসকীয় বিধায়ক হোৱা বাবেই তেওঁ মূল্যবৃদ্ধি প্ৰসংগত একো কব নোৱাৰে বুলি স্বীকাৰ কৰি ৰাজ্যবাসীক বয়ল আহাৰ খাবলৈ আহ্বান জনায়।
আনহাতে অতুল বৰাৰ এই মন্তব্যক সমৰ্থন জনায় ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। ভৱেশ কলিতাই কয়, “অসুস্থ মানুহে মিঠাতেল কমকৈ খাব লাগে।”
উল্লেখ্য যে কিছুদিন পূৰ্বে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই পেট্ৰ’লৰ মূল্য়বৃদ্ধিক লৈ একেই টুলুঙা মন্তব্য প্ৰদান কৰি কৈছিল- পেট্ৰ’লৰ মূল্যবৃদ্ধি হৈছে সেইকাৰণে, এখন বাইকত ৩জনকৈ যাওক, লগত সাংবাদিকক নিউজ কৰিবলৈ যাওতে চাইকেল চলাই যাবলৈ কৈছিল।
লগতে শেহতীয়াকৈ কেন্দ্ৰীয় শ্ৰম আৰু নিযুক্তি ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে (Rameswar Teli) কৈছিল- ‘পেট্ৰ’লৰ দাম হেনো ভেকচিন বিনামূলীয়াকৈ দিয়া কাৰণে হৈছে। ভেকচিন বিনামূলীয়া নহয়। পেট্ৰ’ল-ডিজেলৰ দামত কটা হৈছে ভেকচিনৰ মূল্য। সেয়ে বৃদ্ধি পাইছে পেট্ৰ’ল ডিজেলৰ মূল্য। পেট্ৰ’লতকৈ পানীৰ দামহে বেছি হৈছে।
Photo: Google




























Discussion about this post