মহিলাক লৈ কৰা অপমানজনক মন্তব্যই (Controversial Comment) বিতৰ্কৰ সৃষ্টি কৰাৰ পিছতে অৱশেষত ক্ষমা বিচাৰিলে যোগগুৰু ৰামদেৱে (Yoga Guru Ramdev)। বাবা ৰামদেৱে মহিলাসকলৰ কাপোৰক লৈ মন্তব্য কৰাৰ পিছত এটা নতুন বিবাদ কেন্দ্ৰৰ আলোচনাৰ বিষয়বস্তু হৈ পৰিছিল। তেওঁৰ মন্তব্য ৰাজনৈতিক আৰু সামাজিক মহলত যথেষ্ট চৰ্চা চলিছিল।
মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফড়নবিছৰ (Deputy Chief Minister Devendra Fadnavis) পত্নী অমৰুতা ফড়নবিছৰ (Amruta Fadnavis) উপস্থিতিত এটা অনুষ্ঠানত যোগগুৰু ৰামদেৱে কৈছিল যে- ‘মহিলাসকলে তেওঁৰ দৰে একো নিপিন্ধিলেও ধুনীয়া দেখি (Women Look Good Even If They Do Not Wear Anything Yoga Guru Ramdev Remarks Spark Controversy)।’ শুকুৰবাৰে মহাৰাষ্ট্ৰৰ (Maharastra) থানেত এক যোগ প্ৰশিক্ষণ অনুষ্ঠানত ভাষণ দি ৰামদেৱে কৈছিল যে “মহিলাসকলক শাৰীত ভাল দেখি তেওঁলোকক ছালৱাৰ চুটত ভাল দেখি আৰু মোৰ দৃষ্টিত, তেওঁলোকে মোৰ দৰে একো নিপিন্ধিলেও ভাল দেখি”।
महाराष्ट्र के उपमुख्यमंत्री जी की पत्नी के सामने स्वामी रामदेव द्वारा महिलाओं पर की गई टिप्पणी अमर्यादित और निंदनीय है। इस बयान से सभी महिलाएँ आहत हुई हैं, बाबा रामदेव जी को इस बयान पर देश से माफ़ी माँगनी चाहिए! pic.twitter.com/1jTvN1SnR7
— Swati Maliwal (@SwatiJaiHind) November 26, 2022
ৰামদেৱে কৰা এই মন্তব্যৰ পিছতে সৰৱ হৈ পৰিছিল দেশৰ বিভিন্ন মহিলা সংগঠন। মহাৰাষ্ট্ৰ ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ ৰূপালী চাকণকৰেও যোগগুৰু ৰামদেৱলৈ ইমেইল প্ৰেৰণ কৰি ৩ দিনৰ ভিতৰতে তেওঁ কৰা বিতৰ্কিত মন্তব্য সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ দাবী জনাইছিল।
যোগ গুৰুৰ মন্তব্যক মহাৰাষ্ট্ৰ আৰু দেশৰ অন্যান্য প্ৰান্তৰ বিৰোধী দলসমূহেও গৰিহণা দিছিল। ৰামদেৱক তেওঁৰ মন্তব্যৰ বাবে সমালোচনা কৰি শিৱসেনাৰ নেতা সঞ্জয় ৰাউতে সুধিছিল যে যেতিয়া এই মন্তব্য কৰা হৈছিল তেতিয়া অমৰুতা কিয় প্ৰতিবাদ কৰা নাছিল।
মহাৰাষ্ট্ৰ ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ ৰূপালী চাকণকৰে জানিবলৈ দিয়া মতে, বাবা ৰামদেৱে (Yoga Guru Ramdev) ৩ দিন নৌহওতেই ইমেইল যোগে নিজৰ মন্তব্যৰ বাবে মহিলা আয়োগৰ ওচৰত দুখ ব্যক্ত কৰাৰ লগতে ক্ষমা বিচাৰিছে। অৱশ্যে ৰামদেৱে তেওঁৰ মন্তব্য বিকৃতভাৱে উপস্থাপন কৰি বিতৰ্কৰ সূত্ৰপাত ঘটোৱা বুলিও মন্তব্য কৰে।
Photo: Google
Discussion about this post