সৌ সিদিনা দিছপুৰৰ বিজেপি বিধায়ক অতুল বৰাই ৰাজ্যবাসীক আহ্বান জনাইছিল যে মিঠাতেল কমকৈ খাবলৈ। সাংবাদিকৰ আগত অতুল বৰাই (Atul Borah) কৈছিল যে, “মানুহে মিঠাতেল কমকৈ খাব লাগে, মই বয়ল আহাৰ খাওঁ।” শাসকীয় বিধায়ক হোৱা বাবেই তেওঁ মূল্যবৃদ্ধি প্ৰসংগত একো কব নোৱাৰে বুলি স্বীকাৰ কৰি ৰাজ্যবাসীক বয়ল আহাৰ খাবলৈ আহ্বান জনাইছিল।
কি ক’লে বিধায়ক অতুল বৰাই-
পুনৰ আজি দিছপুৰৰ বিধায়ক (Dispur MLA) অতুল বৰাৰ আমোদজনক মন্তব্য। তেওঁ ক’লে- ‘কৈ থাকিলে বেয়া পাব নালাগে নহয়। মই কৈছো মিঠাতেলৰ দাম বাঢ়িছে, বইল খাওক। মইটো বয়ল খাও ন। মই বিয়ালৈ যোৱা বাদ দিছো। বেলি ডুব যোৱাৰ পিছত মই মাছ-মাংস নাখাওয়েই। শপত খাই লৈছো গোটেই জীৱনটোৰ কাৰণে। অকণমান তেল মিলাই দিলে নোখোৱাকৈ নাথাকো। কিন্তু ঘৰত মোৰ সদায় পত্নীৰ লগত কাজিয়া লাগে। বয়ল খাব লাগে বুলি। টকাৰ কথা নহয়। ভেজাল তেলৰ মাজেদি কিমান বস্তু আহে। মানুহে বুজি নাপায়। মাছ-মাংস খাওক বাৰু কিন্তু বেলি ডুবাৰ পিছত খাব নালাগে। মই যেনেকৈ এৰিছো আপোনালোকেও এৰক।
Photo: Khatang Khobor




























Discussion about this post