“পূৰ্বৰ কংগ্ৰেছ চৰকাৰে অসমৰ সীমা বিবাদ সমস্যা সমাধানৰ এক সূত্ৰ উলিয়াবলৈ সক্ষম নহ’ল আৰু বৰ্তমানৰ অসমবাসীয়ে ইয়াৰে পৰিনাম ভুগিছে”। এই মন্তব্যৰেই কাৰ্যতঃ মিজোৰাম সীমান্তত মিজো আৰক্ষী আৰু দুৰ্বৃত্তৰ আক্ৰমণত ৫ আৰক্ষীসহ ৬ জন লোকে প্ৰাণ হেৰুওৱা ঘটনাৰ বাবে পূৰ্বৰ কংগ্ৰেছ চৰকাৰকেই জগৰীয়া কৰিলে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে।
অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসম-মিজোৰাম সীমান্তত ঘটি যোৱা ঘটনাত নিহত আৰু আহত সকলৰ সকাহ হোৱাকৈ তাৎক্ষণিকভাৱে যিধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে তাক ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশে আদৰণি জনাইছে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত এনেদৰেই মুখ্যমন্ত্ৰীক প্ৰশংসাৰে উপচাই দি ৰাজ্যিক বিজেপিযে ঘটনাৰ সমস্ত দোষ ঠেলে পূৰ্বৰ কংগ্ৰেছ চৰকাৰলৈ।
কংগ্ৰেছ আৰু জাতীয় পৰিষদকে ধৰি বিৰোধী দলসমূহে অসম চৰকাৰৰ লগতে অসম আৰক্ষীক সমালোচনা কৰা কাৰ্যক ধিক্কাৰ দিয়ে ৰূপম গোস্বামীয়ে । গোস্বামীৰ অভিযোগ, বিৰোধী দলসমূহে উক্ত ঘটনাত ৰাজনৈতিক ৰহন সানি নিজৰ কটু মানসিকতাৰ পৰিচয় দিছে। এয়া লজ্জাজনক। লগতে গোস্বামীয়ে কয়, বিশেষকৈ কংগ্ৰেছ দলৰ নেতাৰ মুখত অসম সীমান্তত চৰকাৰৰ ব্যৰ্থতাৰ কথা শোভা নাপায়, কংগ্ৰেছ দলে সভ্যতা সংস্কৃতিৰ সংৰক্ষণৰ বাবে ৰাজনীতি কৰা নাই, কেৱল মাত্ৰ গাদী দখলৰ বাবেহে ৰাজনীতি কৰিছিল। অসমৰ ইতিহাসত কংগ্ৰেছ দলৰ দীৰ্ঘকাল শাসন কৰাৰ ৰেকৰ্ড আছে, অসমৰ সীমা বিবাদ এক পুৰণি সমস্যা গতিকে কংগ্ৰেছ দল শাসনত থাকোতেই এই সীমা বিবাদৰ সমস্যা কিয় সমাধান কৰিবলৈ সক্ষম নহ’ল বুলি প্ৰদেশ কংগ্ৰেছৰ নেতাক উভতি ধৰি প্ৰশ্ন কৰে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ গৰাকীয়ে।
তেওঁ লগতে কয় যে, “পূৰ্বৰ কংগ্ৰেছ চৰকাৰে অসমৰ সীমা বিবাদ সমস্যা সমাধানৰ এক সূত্ৰ উলিয়াবলৈ সক্ষম নহ’ল আৰু বৰ্তমানৰ অসমবাসীয়ে ইয়াৰে পৰিনাম ভুগিছে”।
নেডাক লৈ হোৱা সমালোচনাৰো প্ৰত্যুত্তৰ দি ৰূপম গোস্বামীয়ে কয় যে, নেডা হৈছে এক ৰাজনৈতিক বিষয় আৰু অসম-মেঘালয়ৰ( প্ৰকৃততে হ’ব লাগিছিল অসম-মিজোৰাম, গোস্বামীয়ে হয়টো পাহৰিলে) সংঘাত হৈছে দুখন ৰাজ্যৰ মাজত চলি থকা সীমা বিবাদ,গতিকে সুৰুঙা বুজি কেৱল মাত্ৰ বাতৰি কাকতৰ হেডলাইনত স্থান পোৱাৰ বাবে মন্তব্য দিয়াৰ আগতে বিষয়সমূহ চালি জাৰি চাবলৈ বিৰোধী দলৰ নেতাক আহ্বান ৰূপম গোস্বামীৰ।
Photo: Google
Discussion about this post