প্ৰধান মন্ত্ৰী গৰীৱ কল্যাণ যোজনা (Pradhan Mantri Garib Kalyan Anna Yojana) আৰু খাদ্য সুৰক্ষা আইনৰ (Food Security Act) অধীনত সমগ্ৰ উত্তৰ পূবত কেন্দ্ৰীয় চৰকাৰে যোগান ধৰা বিনামূলীয়া চাউলৰ চাহিদা পূৰণ কৰিব পাৰে কেৱল অসমৰ কৃষকে উৎপাদন কৰা ধানেৰেই।যদিহে ভাৰত চৰকাৰে FCIৰ দ্বাৰা অসমৰ কৃষকে উৎপাদন কৰা ধান ক্ৰয় কৰে। এই দাবী নগাঁৱৰ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ (Congress MP Pradyut Bordoloi)। এই দাবীৰেই মঙলবাৰে সংসদত বিধি ৩৭৭ ৰ জৰিয়তে অসমৰ ধান ক্ৰয় কৰিবলৈ ভাৰত চৰকাৰক আহ্বান জনায় কংগ্ৰেছ সাংসদজনে।
সাংসদ বৰদলৈয়ে সংসদত দাঙি ধৰা তথ্য অনুসৰি বিগত বৰ্ষত অসমৰ কৃষকে উৎপাদন কৰা ধানৰ পৰিমাণ ৫১ লাখ মেট্ৰিক টন। উৎপাদিত এই দানৰ মুঠ চাৰি শতাংশহে ক্ৰয় কৰিলে FCI-এ। ইয়াৰ বিপৰীতে যোৱা বছৰটোত হাৰিয়াণাই উৎপাদন কৰা ধানৰ পৰিমাণ আছিল অসমৰ উৎপাদনতকৈ কম ৪৮ লাখ মেট্ৰিক টন।কিন্তু হাৰিয়াণাৰ পৰা FCIএ ক্ৰয় কৰিলে মুঠ উৎপাদনৰ প্ৰায় নব্বৈ শতাংশ ধান।
Assam despite being a top rice producing state #GoI does not buy paddy from #Assam. With all the free rice being sent to #Northeast from far flung regions, Assamese paddy growers don't get MSP and demotivated to produce more. Served a Rule 377 in Lok Sabha for justice @nstomar pic.twitter.com/16xfsWTG2c
— Pradyut Bordoloi (@pradyutbordoloi) November 30, 2021
FCIৰ এই বৈষম্যৰ বাবেই অসমৰ কৃষকে ধানৰ উচিত মূল্য নোপেৱাৰ অভিযোগ কংগ্ৰেছ সাংসদ বৰদলৈৰ। ভাৰত চৰকাৰে বিভিন্ন আঁচনিৰ জৰিয়তে অসম তথা উত্তৰ পূবৰ লোকক যোগান ধৰা বিনামূলীয়া চাউল ক্ৰয় কৰে পঞ্জাৱ হাৰিয়াণাৰ পৰা,অথচ অসমৰ ধানেৰেই এই চাউলৰ চাহিদা পূৰণ কৰিব পাৰি।সেয়ে সংসদত বৰদলৈৰ দাবী, ভাৰত চৰকাৰৰ প্ৰতি,অসমৰ কৃষকৰ উৎপাদিত ধান ক্ৰয় কৰি অসমৰ ধানেৰেই অসম তথা উত্তৰ পূবৰ চাউলৰ চাহিদা পূৰণ কৰাৰ লগতে অসমৰ কৃষকক উচিত মূল্য পোৱাৰ ব্যৱস্থা কৰক।
Input: মানস জ্যোতি বৰুৱা
আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/marriage-hall-fire-viral-video-people-enjoying-food/4860/
Discussion about this post