আনুষ্ঠানিকভাৱে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিলে জ্যেষ্ঠ কংগ্ৰেছ নেতা ভূপেন বৰাই। বিগত ২৪জুলাই ২০২১ত কংগ্ৰেছ হাই কামাণ্ডে ভূপেন বৰাক অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি হিচাপে নিযুক্তি প্ৰদান কৰিছিল।
৪ আগষ্ট ২০২১ মঙলবাৰে এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত আনুষ্ঠানিকভাৱে সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিলে ভূপেন বৰাই।
এই অনুষ্ঠানত উপস্থিত থাকে অসম কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিং প্ৰমূখ্যে ৰাজ্যৰ বহুকেইজন জ্যেষ্ঠ কংগ্ৰেছ নেতা, সাংসদ তথা বিধায়কৰ লগতে ন-পুৰণি বিভিন্ন কংগ্ৰেছ কৰ্মীয়ে।
এই অনুষ্ঠানত উপস্থিত থাকে সাংসদ প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ, আব্দুল খালেক, প্ৰাক্তন সভাপতি ৰিপুন বৰা।
জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰ, পৃথ্বী মাঝি, সাংসদ ৰাণী নৰহ। বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, বিধায়ক ৰকিবুল হুছেইন, ৰেকিবুদ্দিন আহমেদ, ভৰত নৰহ আদি। তদুপৰি একেটা অনুষ্ঠানত উপস্থিত থাকে নৱনিযুক্ত তিনি কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, কমলাক্ষ্য দে’ পুৰকায়স্থ আৰু জাকিৰ হুছেইন সিকদাৰ।
Photo: Khatang Khobor



























Discussion about this post