Assam Byelection Result 2022: আজিৰ দিনটোত উত্তৰ প্ৰদেশসহ পাঁচখন ৰাজ্যৰ লগতে অসমৰো মাজুলী উপ-নিৰ্বাচনৰ (Byelection Result 2022) ভোটগণনা অব্যাহত (Vote Counting) । ৰাতিপুৱা আঠ বজাৰ পৰা চলি থকা ভোটগণনাত বিজেপিৰ প্ৰাৰ্থী (Bjp Candidate) ভূবন গামে (Bhuban Gam) চিত্তৰঞ্জন বসুমতাৰীতকৈ (Chittaranjan Basumatary) প্ৰায় ৩৭,৮৮২টা ভোটত আগবাঢ়ি আছে।
নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি ভূবন গামে এতিয়ালৈকে ৫৯,৭৭৫টা ভোট আৰু চিত্তৰঞ্জন বসুমতাৰীয়ে ২১,৮৯৩ টা ভোট লাভ কৰিছে। ১৩ ৰাউণ্ডৰ অন্ততো ভূবন গামে অগ্ৰগতি লাভ কৰি আছে।
আনহাতে এছ ইউ চি আই (চি)ৰ প্ৰাৰ্থী ভাইটি ৰিচঙে এতিয়ালৈকে ২০৮১টা ভোট লাভ কৰি তৃতীয় স্থানত আছে। উল্লেখ্য যে ৭ মাৰ্চত অনুষ্ঠিত হৈ যোৱা উপ-নিৰ্বাচনত ৬৫ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছিল।
স্মৰ্তব্য যে, যোৱা বছৰ সম্প্ৰসাৰিত হোৱা মোদী কেবিনেটত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্থান লাভ কৰাৰ পিছৰে পৰা মাজুলী আসনখন খালী হৈ আছিল।
মাজুলীৰ উপ-নিৰ্বাচন যোৱা বছৰতে অনুষ্ঠিত হ’বলগীয়া আছিল যদিও সৰ্বানন্দ সোণোৱালে পদত্যাগ নকৰাৰ বাবেই মাজুলী সমষ্টিক বাদ দি বাকী পাঁচটা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হৈছিল।
বিজেপিয়ে সমষ্টিটোত যথেষ্ট আগ্ৰাসী নিৰ্বাচনী প্ৰচাৰ চলাইছিল। ভূৱন গামৰ (Bhuban Gam) হৈ জপিয়াই পৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিজেপিৰ বহু ৰথী-মহাৰথী। সেইদৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়েও চিত্তৰঞ্জন বসুমতাৰীৰ (Chittaranjan Basumatary) হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল।
Photo & Input: Khatang Khobor
Discussion about this post