- ‘অষ্টাদশ মুকুতাৰ উন্নয়নী মালা’ৰ অধীনত আঁচনি ঘোষণা
- মুখ্যমন্ত্ৰীৰ কোভিড সাহাৰ্য্য আঁচনিৰ অধীনত কোভিডত মৃতকৰ আত্মীয়লৈ ১ লাখ টকাকৈ সাহাৰ্য্য। আঁচনিখনৰ নামত তাৎক্ষণিকভাৱে খৰচ হ’ব চল্লিশ কোটি টকা। মুখ্যমন্ত্ৰীৰ শিশু সেৱা আঁচনি আৰু বিধবা সাহায্য আঁচনিৰ অন্তৰ্ভুক্ত নোহোৱাসকল লৈ এই আঁচনি।
- মাইক্ৰ’ফাইনেন্স উদগনিমুলক ব্যৱস্থাৰ অধীনত Assam Micro Finance Incentive and Relief আঁচনি গ্ৰহণ। আঁচনিয়ে তিনিটা শ্ৰেণীত সামৰি ল’ব লগীয়া আঁচনিৰ যোগেদি মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই প্ৰদানৰ বাবে ১২০০০ কোটি টকা ধাৰ্য্য কৰা হয়।
- নিবনুৱা যুৱক-যুৱতীৰ সংস্থাপনৰ বাবে ৰাজ্যৰ বিভিন্ন বিভাগত খালী হৈ থকা আৰু নতুনকৈ সৃষ্টি কৰা পদৰ বিপৰীতে নিয়োগ সৃষ্টিৰ লক্ষ্য। তালিকাভুক্ত কৰা হৈছে এক লাখ তিয়াল্লিশ টা খালী আৰু নতুন পদ।
- অৰুণোদয় আঁচনিৰ বাবে সৰ্বমুঠ ১৮০০ কোটি টকা ধাৰ্য্য কৰা হৈছে বাজেটত। পুৰ্ৱৰ ৮৩০ টকাৰ পৰা সাহাৰ্য্যৰ ধন ১০০০ টকালৈ বৃদ্ধি। নতুনকৈ আঁচনিখনত অন্তৰ্ভুক্ত হ’ব ৬ লাখ ৩৬ হাজাৰ হিতাধীকাৰী। সৰ্বমুঠ হিতাধীকাৰীৰ সংখ্যা হ’ব ২৬ লাখ ৫৭ হাজাৰতকৈও অধিক। যি ৰাজ্যৰ মুঠ পৰিয়ালৰ প্ৰায় ৪০ শতাংশ।
- অসম মালা আঁচনিৰ ৰাজ্যত নতুন পথ আৰু দলং নিৰ্মাণৰ বাবে ২২৭৯.৫৫ কোটি টকা ধাৰ্য্য কৰা হৈছে। চলিত বৰ্ষত মুঠ ১৯০ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিটা নতুন পথ আৰু ২ খন নতুন দলং নিৰ্মাণৰ সিদ্ধান্ত।
- স্ব-নিৰ্ভৰ নাৰী আঁচনিৰ যোগেদি ১.২৩ লাখ মহিলা শিপিনীক সামৰি লোৱা হ’ব। হস্ততাঁত পৰ্যটনৰ প্ৰসাৰতাৰ লক্ষ্য চৰকাৰৰ।
- ৰাজ্যৰ গ্ৰাম্যাঞ্চলত এহেজাৰ কিলোমিটাৰ মথাউৰি আৰু পথ নিৰ্মাণৰ বাবে ধাৰ্য্য কৰা হয় এহেজাৰ কোটি টকা।
- সোণালী শৈশৱ বিকশিত অসম আঁচনিৰ যোগেদি ৰাজ্যৰ অংগনবাড়ী কেন্দ্ৰ আৰু প্ৰাথমিক বিদ্যালয়সমূহত বৈদ্যুতিকৰণৰ ব্যৱস্থা কৰা হ’ব। বৈদ্যুতিকৰণ আৰু ৰাজ্যত এহেজাৰ ম’ডেল অংগনবাড়ী কেন্দ্ৰ স্থাপনৰ বাবে ব্যয় কৰা হ’ব ১৩.৫০ কোটি টকা।
- অন্ন যোজনা আৰু অন্ন নিশ্চিত আঁচনিৰ বাবে ৩৯০.০৮ কোটি টকা ধাৰ্য। আঁচনিৰ যোগেদি গৃহহীন লোক, পদপথৰ বাসিন্দা, বস্তি এলেকাৰ লোক আদিক ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত সামৰি লোৱা হ’ব।
- চাহ বাগিচাৰ শ্ৰমিক লাইনত খোৱা পানীৰ টেপ সংযোগৰ বাবে বিশেষ আঁচনি ঘোষণা। পাঁচ বছৰ ৮০৫ খন চাহ বাগিচাৰ ২,৬৯,৬৪৮ পৰিয়ালক সামৰি লোৱা হ’ব।
- কৃষি পুণৰুজ্জীৱিতকৰণৰ বাবে পশুপালন, দুগ্ধ উৎপাদন, মীন পালন, কণী উৎপাদন আদিক সামৰি বিভিন্ন ঘোষণা। প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বাবে ৪০০ কোটি টকা ধাৰ্য্য কৰা হয়।
- গৰুখুঁটি প্ৰকল্পৰ অধীনত দৰঙৰ গৰুখুঁটিত খিলঞ্জীয়া যুৱক-যুৱতীক কৃষি কৰ্মৰ যোগেদি জীৱিকা প্ৰদানৰ লক্ষ্য। ৯.৬০ কোটি টকা ব্যয়ৰে ৰূপায়িত হ’ব আঁচনি।
- সুনীল বিপ্লৱৰ যোগেদি ৰাজ্যৰ মৎস্য উৎপাদন বৃদ্ধিৰ লক্ষ্য। ৰাজহুৱা ভূমিত ৰাজহুৱা পুখুৰী খান্দি মীন পালনৰ লক্ষ্যৰে এই আঁচনিৰ অধীনত ৰাজ্যত দহ হাজাৰ গ্ৰাম্য পুখুৰী খন্দাৰ পৰিকল্পনা।
- খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ ঐতিহ্য-সংস্কৃতি সংৰক্ষণ বিভাগ গঠন। নতুন বিভাগটোৰ বাবে ধাৰ্য্য কৰা হয় ১০০ কোটি টকা।
- বিশেষ মুলধনী প্ৰকল্পৰ দ্ৰুত ৰূপায়নৰ বাবে ১৮ টা প্ৰকল্পক ৰাজ্যিক অগ্ৰাধিকাৰ ভিত্তিক প্ৰকল্প হিচাপে শ্ৰেণীবদ্ধ কৰাৰ সিদ্ধান্ত। অসম বিধান সভা ভৱন; গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাটালত চুপাৰ স্পেচিয়েলিটি হাস্পাটাল; কোকৰাঝাৰ, চৰাইদেউ, তিনিচুকীয়া, লখিমপুৰ, নলবাৰী, নগাওঁ, ধুবুৰী আৰু বিশ্বনাথত নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয়; বিহপুৰীয়া মাধৱদেৱ কলাক্ষেত্ৰ; বৰদোৱা প্ৰকল্প ; উত্তৰ লখিমপুৰ ষ্টেডিয়াম; গুৱাহাটী-উত্তৰ গুৱাহাটী সেঁতু; গুৱাহাটী সন্মিলন কেন্দ্ৰ; ডিব্ৰুগড়ৰ খনিকৰ ষ্টেডিয়াম; বৰাক উপত্যকাৰ ক্ষুদ্ৰ সচিবালয়; তেজপুৰ মিছন চাৰিআলিত অভাৰ ব্ৰীজ প্ৰকল্প; যোৰহাটত ৰেলৱে অভাৰ ব্ৰীজ; শিৱসাগৰত প্ৰাচীন তাই আহোম সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ; পাগলাদিয়া সেঁতু; ঘুঁণাসুঁতি সেঁতু; আঠখন মহিলা সংখ্যালঘু মহাবিদ্যালয়; কলকাতাৰ ৰাছেল ষ্ট্ৰীটত নতুন অসম ভৱন আৰু নতুন দিল্লীৰ এছ পি মাৰ্গত নতুন অসম ভৱনক এই তালিকাত অন্তৰ্ভুক্ত।
- ক্ষুদ্ৰ ব্যৱসায় আৰু কাৰু শিল্পী সকললৈ সাহায্য প্ৰদানৰ ব্যৱস্থা। এই শিল্পৰ সৈতে জড়িত প্ৰতিটো গোট আৰু ব্যক্তিলৈ উৰ্ধ্বতম ১০ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব।
- চৰকাৰী বিদ্যালয়সমূহৰ নৱম আৰু দশম শ্ৰেণীৰ ৮ লাখ ছাত্ৰ-ছাত্ৰীক স্মাৰ্ট ফোন প্ৰদানৰ ব্যৱস্থা চৰকাৰৰ।
- ১০০০ টা স্বাস্থ্য উপকেন্দ্ৰক হাস্পতাললৈ ৰূপান্তৰ কৰি জনসাধাৰণক মৌলিক স্বাস্থ্য সেৱা প্ৰদানৰ লক্ষ্য চৰকাৰৰ।
- তামুলপুৰক গঢ়ি তোলা হ’ব নতুন জিলা হিচাপে।
- ডিব্ৰুগড় আৰু শিলচৰত হ’ব নতুন চিড়িয়াখানা।
- ৰাজ্যত গঠন হ’ব ৫ খনকৈ নতুন চিকিৎসা মহাবিদ্যালয়। গোলাঘাট, ধেমাজী, মৰিগাও, বঙাইগাও আৰু তামোলপুৰত ৮০ কোটি টকা ব্যয় সাপেক্ষে স্থাপন হ’ব নতুন চিকিৎসা মহাবিদ্যালয়।
- ৰাজ্যত গঠন দহ টা নতুন কামাণ্ডো বেটেলিয়ন।
- গোৱালপাৰা জিলাত আজগৰ বন্যপ্ৰাণী অভয়াৰণ্য নামে নতুনকৈ গঠন হ’ব অভয়াৰণ্য।
- কাৰ্বি আংলঙত নতুনকৈ স্থাপন কৰা হ’ব ৰাজ্যিক বিশ্ববিদ্যালয়। ডিফু চৰকাৰী মহাবিদ্যালয়ক ৰাজ্যিক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ বাবে পৰীক্ষা কৰা হ’ব সম্ভাৱনা।
- নগৰাঞ্চলত ৰাজহুৱা স্থান নিৰ্মাণৰ সিদ্ধান্ত।
- গঠন কৰা হ’ব অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যন।
- এনডিএফবি সদস্যক পুনৰ সংস্থাপনৰ বাবে বিশেষ কৰ্মসূচী ঘোষণা।
- শিৱসাগৰৰ ঐতিহ্য ক্ষেত্ৰৰ বাবে পৰ্যাপ্ত পৰিমাণে পুঁজি নিৰ্দ্ধাৰণৰ সিদ্ধান্ত।
- অসম আন্দোলনৰ শ্বহীদৰ পৰিয়ালক ৫ লাখ টকাৰ এককালীন অনুদান আৰু আহত সকলক ২ লাখ টকাকৈ এককালীন অনুদান ঘোষণা।
- ৰাজ্যত গাখীৰৰ চাহিদা পূৰণ কৰিবলৈ চৰকাৰে গ্ৰহণ কৰিছে এই আঁচনি। ইয়াৰ বাবে চৰকাৰে দুগ্ধ ব্যৱসায়ী আৰু গোপালক সকলক কৃত্ৰিম শুক্ৰাণু যোগানৰ ব্যৱস্থা কৰিব। ৫০ হাজাৰ গৰু-ম’হক সামৰি ল’ব পৰাকৈ চলিত বছৰতে জেশৰ বিভিন্ন প্ৰতিস্থিত উৎসৰ পৰা উচ্চ অনুবংশিক গুণসম্পন্ন হিমায়িত ১.২৫ লাখ কৃত্ৰিম শুক্ৰাণু ক্ৰয় কৰাৰ প্ৰস্তান লৈছে চৰকাৰে।
- প্ৰথম বছৰত এই পদ্ধতিৰ জড়িয়তে প্ৰায় ১২০০০ মাইকী গৰু-ম’হৰ পোৱালি জন্ম দিব পৰা যাব বুলি আশা কৰা হৈছে। পৰৱৰ্তী ৪ বছৰত এই সংখ্যা ৫০০০০লৈ বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
Photo: Google
Discussion about this post