বিধান সভাত দাখিল হ’ল ২০২১-২২ বৰ্ষৰ বাজেট। বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিলে নতুন চৰকাৰৰ প্ৰথমখন বাজেট।
বাজেটত নিয়োগৰ ক্ষেত্ৰত কি সিদ্ধান্ত গ্ৰহণ কৰিব তাৰ ওপৰত দৃষ্টি নিৱদ্ধ আছিল সকলোৰে।
আজি দাখিল কৰা বাজেটত নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি ১ লাখ নিৱনুৱাৰ সংস্থাপনৰ বিষয়টোত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। নিয়োগৰ বিষয়টোত খালী পদ আৰু নতুন পদ সৃষ্টিৰ বিষয়টোৰ অগ্ৰগতি সম্বন্ধে অৱগত কৰে বিত্তমন্ত্ৰীয়ে।
বৰ্তমানলৈ ৰাজ্যৰ বিভিন্ন বিভাগত খালী হৈ থকা আৰু নতুনকৈ সৃষ্টি হ’ব লগীয়া পদৰ সংখ্যা দাঙি ধৰে বিত্তমন্ত্ৰীয়ে। বৰ্তমানলৈ এক লাখ তিয়াল্লিশ টা পদৰ তালিকা তৈয়াৰ কৰা হৈছে যদিও সকলো বোৰ বিভাগৰ তথ্য লাভ কৰাৰ পাছত এই সংখ্যা বৃদ্ধি হ’ব বুলি উল্লেখ কৰা হয়।
ৰাজ্যত ১ লাখ চাকৰি; কোন বিভাগত কিমানটা পদ?
শ্ৰমিক কল্যাণ বিভাগ- ৫৪
পশু পালন আৰু পশু চিকিৎসা বিভাগ- ৭১১৮
মীন বিভাগ- ১৬৮
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ- ২১৩৭
সাধাৰণ প্ৰশাসন বিভাগ- ৮৩০
লোক নিৰ্মাণ(গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগ- ১০২৭
ভূমি সংৰক্ষণ বিভাগ- ৫২৬
ক্ৰীডা় আৰু যুৱ কল্যাণ বিভাগ- ৬৭৬
শিক্ষা বিভাগ- ২৮১৬২
উদ্যান শস্য বিভাগ- ৫৫
চাহ শ্ৰমিক কল্যাণ বিভাগ- ৬
জলসিঞ্চন বিভাগ- ৯৪০
খাদ্য, অসামৰিক যোগান আৰি গ্ৰাহৰ পৰিক্ৰমা বিভাগ- ৯৫
সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগ- ৩৬
চৰ অঞ্চল উন্নয়ন বিভাগ- ২০
পাৰ্বত্য অঞ্চল উন্নয়ন বিভাগ- ৬০৫
সচিবালয় প্ৰশাসন বিভাগ- ৬০৬
তথ্য আৰু জনসংযোগ বিভাগ- ১০৭
ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগ- ৩৪৮
পৰিবহণ বিভাগ- ১০০১
বন আৰু পৰিৱেশ বিভাগ- ১৩৭৯
আবকাৰী বিভাগ- ৪৫৩
কৃষি বিভাগ- ৬৮৭
পৰ্যটন বিভাগ- ১৪৪
সমবায় বিভাগ- ১৭৪
ৰূপান্তৰ আৰু উন্নয়ন বিভাগ- ১২৪০
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ- ৯৩৫৩
নগৰ উন্নয়ন বিভাগ- ২১০
পেঞ্চন আৰু ৰাজহুৱা ওজৰ-আপত্তি- ২
জনস্বাস্থ্য কাৰিকৰী বিভাগ- ৫২৬
বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ- ১১
ছপা আৰু মুদ্ৰণ বিভাগ- ৬৮
সাংস্কৃতিক পৰিক্ৰমা বিভাগ- ৫৬১
ন্যায়িক বিভাগ- ৪৯৮
ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ- ৯৬৫
বিধায়নী বিভাগ- ৪৫২
হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম বিভাগ- ৩৩৪
খনি আৰু খনিজ সম্পদ বিভাগ- ৩৯১
কৰ্মচাৰী বিভাগ- ১২
দক্ষতা, নিয়োগ আৰু উদ্য়মিতা বিভাগ- ৫৩৯
শক্তি বিভাগ- ৫৭৬৯
গুৱাহাটী উন্নয়ন বিভাগ- ২২
সমাজ কল্যাণ বিভাগ- ৪৭০
গৃহ আৰু ৰাজনৈতিক বিভাগ- ১৮০৯৬
জলসম্পদ বিভাগ- ১৮৭
লোক নিৰ্মাণ (পথ) বিভাগ- ১৯৬৩
বিত্ত বিভাগ- ৯২২
সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগ- ৯৮
১০টা বেটেলিয়ন- ১০,০০০
মুঠ- ১,০০,০৪৩
Photo: Google
Discussion about this post