এক অভাৱনীয় ঘটনাৰ সাক্ষী হ’ল বৃহস্পতিবাৰৰ অসম বিধানসভা। বিৰোধীৰ প্ৰৱল প্ৰতিবাদত নিজে কোৱা এটা শব্দ বিধানসভাৰ কাৰ্যক্ৰমণিকাৰ পৰা প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হ’ল অধ্যক্ষ বিশ্বজিত দৈমাৰী।
বিধানসভাত সেই সময়ত চলি আছিল প্ৰশ্নোত্তৰ কাল। শিক্ষা বিভাগৰ প্ৰশ্নৰ উত্তৰ দি আছিল বিভাগীয় মন্ত্ৰী ৰণোজ পেগুৱে। কিন্তু মন্ত্ৰীৰ উত্তৰত সন্তুষ্ট হোৱা নাছিল প্ৰশ্নকৰ্তা। তাকেই লৈ আপত্তি বিৰোধীৰ। বুজাবলৈ চেষ্টা কৰিছিল অধ্যক্ষই। পিছে কোনো কাৰণতে মনা নাছিল বিৰোধীয়ে।
বাৰে বাৰে বিৰোধীক বুজাবলৈ চেষ্টা চলাই অধ্যক্ষই। পিছে নিজৰ স্থিতিত অটল বিৰোধী।
মুঠতে এক হুলস্থুলীয়া পৰিস্থিতি। পৰিস্থিতি ক্ৰমাৎ অধ্যক্ষৰ নিয়ন্ত্ৰণৰ বাহিৰত। উত্তেজিত বিৰোধীক শান্ত কৰিবলৈ গৈ এইবাৰ নিজেই উত্তেজিত হৈ পৰিল অধ্যক্ষ। আৰু কৈ পেলালে…মই ভাবো ,উগ্ৰপন্থীতকৈয়ো আমিয়েই বেছি বেয়া। আমাৰ MLAৰ স্বভাৱ চৰিত্ৰ-ব্যৱহাৰ যদি এনে হয় ,আপুনি উগ্ৰপন্থীৰ পৰা কি আশা কৰিব?
অধ্যক্ষই কিয় ক’লে এনেকৈ। জাঙুৰ খাই উঠিল বিৰোধী। বিৰোধীৰ দাবী, উঠাই লওক উগ্ৰপন্থী শব্দটো। কিন্তু বিৰোধীৰ দাবীক মানি নলয় অধ্যক্ষই। অধ্যক্ষৰ মতে তেওঁ কোনো ভুল কোৱা নাই। অধ্যক্ষৰ সমৰ্থনত থিয় হ’ল শাসক পক্ষৰ কেইবাজনো। বিধায়ক জয়ন্ত মল্ল বৰুৱাই অভিধানৰ পাত লুটিয়াই বুজাবলৈ চেষ্টা চলালে যে, বেয়া নহয় উগ্ৰপন্থী শব্দটো।
এনেকৈয়ে প্ৰায় আধা ঘণ্টা। অৱশেষত মানি ল’লে অধ্যক্ষ দৈমাৰীয়ে। ক’লে,সদনৰ কাৰ্য ক্ৰমণিকাৰ পৰা বাদ দিয়া হ’ব উগ্ৰপন্থী শব্দটো।
Photo: Khatang Khobor
Discussion about this post