বিধায়ক অখিল গগৈয়ে সদনত কৰা প্ৰশ্নৰ উত্তৰ সদনত দাখিল কৰাৰ পূৰ্বে সংবাদমেলত ৰাজহুৱা কৰাৰ অভিযোগ উত্থাপন কৰিছিল লখিমপুৰৰ BJP বিধায়ক মানৱ ডেকাই।
বিধায়কগৰাকীয়ে সদনত কৈছিল যে- ‘ সদন আৰম্ভ হোৱাৰ পূৰ্বে বাহিৰত প্ৰশ্নৰ উত্তৰ কেনেকৈ দিব পাৰে? আমি তেন্তে হাউচত কিয় বহি আছো। ইয়াৰ প্ৰত্যুত্তৰত অখিল গগৈয়ে ক’লে যে- মই সেইটোৰ কাৰণে স্পষ্টীকৰণো দিছো।
এই অভিযোগৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনয় কয় যে- আজি যিটো দুৰ্ভাগ্যজনক ঘটনা হ’ল। আমি উত্তৰ তেতিয়াহে দিব পাৰো যেতিয়া এগৰাকী সদস্যই যেতিয়া প্ৰশ্নটো উত্থাপন কৰিব, তেতিয়া মন্ত্ৰীয়ে উত্তৰ দিয়াৰ পিছতহে সেইটো জনতাৰ মাজলৈ অনা হয়।
প্ৰশ্নটো অহাৰ আগটো মন্ত্ৰীয়ে প্ৰশ্নটো সলনি কৰিব পাৰে। আজি যিটো ঘটনা হৈছে, সদনত যিটো হাইজেক কৰা পৰম্পৰা হৈছে যে মই গোটেই হাউচটো হাইজেক কৰি ল’ম। আমি সদনৰ গৰিমা হানি হ’ব নিদিও।
মুখ্যমন্ত্ৰীগৰাকীয়ে সদনৰ অধ্যক্ষক অনুৰোধ জনাই কও যে, আপুনি চেনেলবিলাককো নিৰ্দেশ দিব লাগে, আজিকালি ফ্ৰী লঞ্চাৰ মানুহ দেখিবলৈ পোৱা যায়। কেৱল চেনেলবিলাকক নিৰ্দেশ দিব লাগে যে, হাউচ আৰম্ভ হোৱাৰ আগতে হাউচৰ কথা বাহিৰত ওলালে এইটো নিয়ম ভংগ কৰা হ’ব।
মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পিছতে বিধায়ক অখিল গগৈ পুনৰ নিজৰ স্থানৰ পৰা থিয় হৈ যায়। অধ্যক্ষ দৈমাৰীয়ে বাৰে বাৰে অখিল গগৈক বাৰে বাৰে বহি থাকিবলৈ দি কয় যে- আপোনাৰ কথা কোৱা নাই নহয়।
আপুনি বাৰে বাৰে কিয় থিয় হৈ যায়। আপোনাৰ কথা একো কোৱাই নাই তেন্তে আপোনাক কিয় ক’ব দিব লাগে। আপুনি স্পষ্টীকৰণ দিব নালাগে। ইয়াত স্পষ্টীকৰণ মইহে দিম। নামঘৰত কোন? মই কল খোৱা নাই! সদনৰ অধ্যক্ষই এই টিপ্পনীৰে পুনৰ ক’লে যে- আপোনাৰ নামে উচ্চাৰণ হোৱা নায়।
সদনৰ নিয়ম নমনা বুলি অভিযোগ কৰি বিধায়ক অখিল গগৈক কঠোৰ সমালোচনা কৰে অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে। অধ্যক্ষ দৈমাৰীয়ে কয় যে “সদনৰ বাহিৰত যি ইচ্ছা ক’ব পাৰে, কিন্তু সদনত সকলোৱে আইন মতেই কথা ক’ব লাগিব।” তথাপি অখিল গগৈয়ে অধ্যক্ষক “মোক কিয় কথা ক’ব নিদিব” বুলি পুনৰায় প্ৰশ্ন কৰাত অধ্যক্ষই কয়, “কালি আপুনি বহুত সময় কথা কৈছে। আপোনাৰ সময়ত আপুনিও কথা ক’ব পাৰিব।”
অধ্যক্ষৰ এই মন্তব্যৰ পিছতে সদনত হাঁহিৰ ৰোল উঠে আৰু কোনোবাই অখিল গগৈক উদ্দেশ্যি জক্কৰ বুলি কোৱা বুলি অভিযোগ কৰে বিৰোধীয়ে। পৰিবেশ হুলস্থূলীয়া হোৱাত “এই শব্দ সদনৰ ৰেকৰ্ডত নাযায়” বুলি মন্তব্য কৰে অধ্যক্ষই। লগতে “অখিল গগৈৰ কোনো কথা ৰেৰ্কড নাযায়” বুলিও মন্তব্য কৰে তেওঁ।
পীয়ুষ হাজৰিকাই অখিলক আক্ৰমণ কৰি কয় যে, “নতুন বিধায়ক, কিবা কোৱাৰ আগতে শিকি ল’ব লাগে ৷ বাহিৰত ডাঙৰ মানুহ হ’ব পাৰে ৷ সদনত কথা সুকীয়া।” পীযুষৰ মন্তব্যৰ প্ৰতিক্ৰিয়াত অখিল গগৈয়েও “সদন কি চৰকাৰী পক্ষৰহে নেকি? সদন কেৱল শাসক পক্ষৰহে নেকি” বুলি উভতি ধৰে পীযুষ হাজৰিকাক।
Photo: Khatang Khobor
Discussion about this post