‘অখিল গগৈয়ে কৈছিল আমাক ১০ কোটি মান টকাৰ দৰকাৰ হ’ব আমাক। যদি এই টকাটো পালে সমগ্ৰ অসমত আমি তেতিয়া জিলা কমিটী, ব্লক কমিটী, আঞ্চলিক কমিটী আৰু বুথ কমিটীবিলাক অতি শীঘ্ৰে গঠন কৰি দলটো শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰিম। জেলৰ ভিতৰত তেওঁৰ লগত ৰাজনৈতিক বিষয়ত আলোচনা কৰিছিলো। ময়ে তেওঁক পৰামৰ্শ দিছিলো যে আপুনি এটা ৰাজনৈতিক দল খুলিব লাগে।’- সদনৰ বাহিৰত সংবাদমাধ্যমৰ সন্মুখত এই বিস্ফোৰক অভিযোগ বিধায়ক আমিনুল ইছলামৰ।
আপোনাৰ ৰাজনৈতিক দল নথকাৰ বাবে আপুনি যেনেকৈ অসমত আন্দোলন কৰে আৰু যি চৰকাৰে আহে আপোনাক গ্ৰেপ্তাৰ কৰি জেলত বন্দী কৰি ৰাখে। ৰাজনৈতিক দল থাকিলে আপুনি এটা ৰাজনৈতিক সুৰক্ষা পালে হয়। এই সন্দৰ্ভত দীৰ্ঘ আলোচনা হৈছিল। আমাৰ মহাজোঁট আনুষ্ঠানিকভাৱে গঠন হোৱা নাছিল যদিও মহাজোঁট বন্ধনৰ প্ৰক্ৰিয়াটো চলি আছিল।
মই অখিল গগৈক কৈছিলো যে, তেওঁ ৰাজনৈতিক দল এটা খুলিলে আমি মহাজোঁটত চামিল হয় কেনেকৈ ৰাজ্যৰ পৰা বিজেপিক উৎখাত কৰা হ’ব, আমি ঐক্যবদ্ধবাৱে আন্দোলন চলাই যাব লাগিব। অখিলে কৈছিল, দাদা ৰাজনৈতিক দল এটা কৰিম। তেতিয়ালৈকে ৰাইজৰ দলৰ নাম সিদ্ধান্ত হোৱা নাছিল।
সবিশেষ শুনকঃ https://www.facebook.com/khatangkhobornews/videos/448988136069510/
তেওঁ কৈছিল, এতিয়া সমস্যাটো হ’ল দল এটা নতুনকৈ খুলি, নিৰ্বাচনলৈ বেছি দিন নাই সময় নাই আৰু এই সময়ত দল এটা গঠন কৰিবলৈ আমি আৰ্থিক সমস্যাৰ সন্মুখীন হ’ম। তেওঁ কৈছিল আমাৰ ১০ কোটি টকাৰ প্ৰয়োজন হ’ব।
যদি এটা টকাটো পাও সমগ্ৰ অসমত আমি তেতিয়া জিলা কমিটী, ব্লক কমিটী, আঞ্চলিক কমিটী আৰু বুথ কমিটীবিলাকলৈ গঠন কৰি অতি কম দিনৰ ভিতৰতে ৰাজনৈতিক দলটো শক্তিশালী কৰি প্ৰতিষ্ঠা কৰিব পাৰিম। এই প্ৰসংগত কেইবাদিনলৈ আলোচনা হৈছিল।
তেওঁ বিচাৰিছিল যে, যিহেতু মহাজোঁট হ’বলৈ গৈ আছে আৰু সেই মহাজোঁটত তেওঁৰ দলটো অংশগ্ৰহণ কৰিব গতিকে মহাজোঁটৰ ফালৰ পৰা যদি অন্যান্য দলবিলাকে মিলি অলপ আৰ্থিক সহায় কৰে তেনেকৈ অখিল গগৈয়েও এটা ৰাজনৈতিক দল খুলি ৰাজ্যত শক্তিশালী কৰিব।
Photo: Khatang Khobor
Discussion about this post