বিধান সভাত গো সুৰক্ষা বিষয়ক বিধেয়ক উত্থাপন হোৱাৰ পিছতে তীব্ৰ বিৰোধিতাত নামিছে বিভিন্নজন নেতাই। সদনৰ বাহিৰত বিলখনৰ বিৰোধিতাৰ কাৰণ প্ৰকাশ কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।
তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে- গো সুৰক্ষা বিলখনৰ ওপৰত আমাৰ দলৰ সিদ্ধান্ত হ’ল- এইখনৰ ওপৰত আমাৰ কোনো সংশোধনী প্ৰস্তাৱ নাথাকিব।
সেইকাৰণে আমি এটা ডিভাইচ চাই আছো যে সংশোধনী প্ৰস্তাৱ নথকাকৈ কেনেকৈ বিধেয়কখনৰ ওপৰত কথা ক’ব পাৰি তাৰ ওপৰত এটা ডিভাইচ উলিয়াবৰ কাৰণে, এটা কৌশল উলিয়াবৰ বাবে আমি চেষ্টা কৰিছো, যদি সেইটো সম্ভৱ হয় বিধানসভাত গো সুৰক্ষা আইনৰ বিৰুদ্ধে আমাৰ বক্তব্য প্ৰদান কৰিম।
আমি সংশোধনী প্ৰস্তাৱ এইকাৰণেই আনিব নোৱাৰো কাৰণ সংশোধনী প্ৰস্তাৱ অনাটোৰ অৰ্থ হ’ব আমি বিধেয়কখনক সমৰ্থন কৰা।
ইফাল সিফাল কৰা বুজাব কিন্তু বিধেয়কখনক সমৰ্থন কৰা বুজাব। সেইকাৰণে আমি সংশোধনী প্ৰস্তাৱ আনিব বিচৰা নাই, আমি আশা কৰিম যে বিধানসভাত এটা মুকলি বিতৰ্ক হওক আৰু মুকলি বিতৰ্ক হ’লেই আমি আমাৰ দৃষ্টিভংগী প্ৰকাশ কৰিম।
কিন্তু সংশোধনী প্ৰস্তাৱৰ জৰিয়তে তাত সোমাই সেই ডিভাইচত আমি বক্তব্য ৰাখিব প্ৰস্তুত নহয়। গো সুৰক্ষা বিলক আমি আউট এন আউট বিৰোধিতা কৰো।
মই খেতিয়ক হিচাপে এটা বস্তুই বুজি পাইছো যে, বিধেয়কখন যিটো ৰূপত অনাৰ কথা কৈছে এই বিধেয়কখনৰ কাৰণে অসমৰ গোটেই মাংসৰ দাম বৃদ্ধি পাব। মুৰ্গীৰ মাংস ,ছাগলীৰ মাংস আৰু অন্যান্য মানুহে খোৱা অন্যান্য মাংসৰ দামো বৃদ্ধি পাব। ইতিমধ্যে মাংসৰ দাম বৃদ্ধি পাইছে, এইটো ইয়াৰ লগত সম্পৰ্ক আছে।
এজন খেতিয়কৰ বাবে গৰুটো এটা ডাঙৰ ব্যৱসায়ো, যিবিলাক গৰু কামত নাহে সেইবিলাক গৰুক বিক্ৰী কৰিবলৈ উজনি অসমত ডাঙৰ গৰুৰ বজাৰ আছে। এই বিলখন অহাৰ লগে লগে আমাৰ গৰুৰ বজাৰ বন্ধ হৈ যাব। যদি গৰুৰ বজাৰ বন্ধ হৈ যায় তেন্তে খেতিয়কবিলাকে চলিব কেনেকৈ।
গৰু এটা বিক্ৰী কৰি সন্তানক স্কুলত এডমিচন দিয়ে, দামুৰি এটা বিক্ৰী কৰি সন্তানক কলেজ পঢ়াই, এতিয়াটো সেইটো নাইকিয়া হৈ যাব। সেইকাৰণে এই বিলখনক মই আউট এন বিৰোধিতা কৰো। ওপৰৰ পৰা তললৈ বিৰোধিতা কৰো।
Photo: Google
Discussion about this post