খেলখন জমি উঠিছে। খেল মানে কোৱা হৈছে এখন ৰাজনৈতিক বাকযুদ্ধৰ কথা। যুদ্ধখনৰ সূত্ৰপাত ঘটাইছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
প্ৰয়াত প্ৰধনমন্ত্ৰী জৱহৰলাল নেহৰু মন্ত্ৰী সভাৰ কেবিনেট মন্ত্ৰী,ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক শ্যামা প্ৰসাদ মুখাৰ্জীৰ এটা পূৰ্ণাবয়ৱ মূৰ্তি উন্মোচন কৰি দিয়া ভাষণত প্ৰসংগক্ৰমে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছিল,অসমীয়া ভাষা ৰক্ষাৰ কাণ্ডাৰী শ্যামা প্ৰসাদ মুখাৰ্জী।
মুখ্যমন্ত্ৰীৰ মতে মুখাৰ্জী এজন প্ৰাতঃষ্মৰণীয় ব্যক্তি অসমীয়াৰ বাবে। মুখ্যমন্ত্ৰীৰ এই বক্তব্যৰ ঘোৰ বিৰোধিতা কৰি সৰৱ হৈ উঠিল শিৱসাগৰৰ বিধায়ক অখিল গগৈ।
অসমীয়া ভাষা ৰক্ষাত শ্যামা প্ৰসাদ মুখাৰ্জীৰ কোনো অৰিহণা নাই বুলি দাবী কৰি মুখ্যমন্ত্ৰীক ইতিহাস অধ্যয়ন কৰিবলৈ আহ্বান জনালে অখিল গগৈয়ে। গগৈয়ে আনকি মুখ্যমন্ত্ৰীক নিৰক্ষৰ আৰু অজ্ঞ বুলিও কটাক্ষ কৰিলে।
মুখ্যমন্ত্ৰী বনাম অখিল গগৈৰ এই বাকযুদ্ধত, মুখ্যমন্ত্ৰীৰ ডিফেণ্ডাৰৰ ৰূপত শনিবাৰে অৱতীৰ্ণ হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিৱ জয়ন্ত মল্ল বৰুৱা। বিজেপিৰ হেঙেৰাবাৰীস্থ মুখ্য কাৰ্যালয়ত সংবাদমেলত জয়ন্ত মল্লৰ।
কেইখনমান বুৰঞ্জী গ্ৰন্থৰ কেইটামান টোকা সাংবাদিকৰ আগত দাঙি থৰি জয়ন্ত মল্লই দাবী কৰিলে অখিলৰ অভিযোগ ভুল। মুখ্যমন্ত্ৰীৰ সুৰতেই সুৰ মিলাই জয়ন্ত মল্লইয়ো ক’লে,হয়, অসমীয়া ভাষা ৰক্ষাৰ বাবে বহুখিনি কৰি থৈ গৈছে শ্যামা প্ৰসাদ মুখাৰ্জীয়ে।
বিধায়ক গগৈকহে ইতিহাস অধ্যয়ন কৰিবলৈ পৰামৰ্শ দি জয়ন্ত মল্লই অখিলৰ বিৰুদ্ধে আনিলে আন এক অভিযোগ।
বিধায়ক হৈয়ো ডি চি- এছ পিক গুণ্ডাৰ দৰে ধমকি দিছে অখিল গগৈয়ে।এক খতাত অখিল গগৈক গুণ্ডা আখ্যা দি নলবাৰীৰ বিধায়কজনে ক’লে, এজন বিধায়কৰ আচাৰ এনে হোৱা উচিত নহয়।অখিল গগৈৰ এনে ব্যৱহাৰে আন আন বিধায়কসকলকো লজ্জ্বিত কৰিছে বুলিও ক’লে জয়ন্ত মল্লই।
মানস জ্যোতি বৰুৱা
Photo: Google
Discussion about this post