মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma) বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত (Dispur Police Station) এজাহাৰ দাখিল (Fir lodge) কৰিছে বৰপেটাৰ সাংসদ আব্দুল খালেকে (Abdul Khaleque)। গৰুখুটিৰ উচ্ছেদক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিতৰ্কিত মন্তব্য কৰি সংবিধান উলংঘা কৰা বুলি উল্লেখ কৰি এজাহাৰ দাখিল কৰিছে বৰপেটাৰ সাংসদগৰাকীয়ে (Barpeta MP)।
১০ ডিচেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মৰিগাঁৱত গৰুখুটিৰ উচ্ছেদ ১৯৮৩ চনৰ ঘটনাৰ প্ৰতিশোধ হিচাপে অভিহিত কৰা বুলিও এজাহাৰত উল্লেখ কৰে সাংসদ আব্দুল খালেকে (Abdul Khaleque)।
গৰুখুটিৰ উচ্ছেদত মইনুল হক আৰু শ্বেইখ ফাৰিদৰ মৃত্যু হোৱাৰ লগতে বহু ঘৰ জ্বলাই দিয়া হৈছিল আৰু এনে বৰ্বৰ ঘটনাক প্ৰতিশোধ হিচাপে অভিহিত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) হত্যাক সমৰ্থন কৰাই নহয় সমগ্ৰ ঘটনাক সাম্প্ৰদায়িক ৰহণ সানি মুছলমান জনসাধাৰণক লক্ষ্য কৰি লৈছে বুলি এজাহাৰত অভিযোগ উত্থাপন কৰে আব্দুল খালেকে (Abdul Khaleque)।
ৰাজহুৱাভাৱে এনেধৰণৰ ঐক্য-সম্প্ৰীতি বিনষ্ট কৰিব পৰা মন্তব্য কৰি হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় দণ্ডবিধি আইনৰ ১৫৩ আৰু ১৫৩-এ ধাৰাও উলংঘা কৰা বুলি এজাহাৰত সদৰি কৰে সাংসদ আব্দুল খালেকে।
Photo: Google
Discussion about this post