সাংসদ আব্দুল খালেকৰ নেতৃত্বত অসমৰ তিনিখন পাহাৰীয়া জিলাৰ বাবে অসম প্ৰদেশ কংগ্ৰেছৰ নতুন কমিটি গঠন। অসমৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা এক প্ৰেছ বিবৃতিযোগে এই কথা প্ৰকাশ কৰে।
কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাত কংগ্ৰেছৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই লোকসভাৰ সাংসদ আব্দুল খালেকৰ অধ্যক্ষতাত নতুন কমিটিখন গঠন কৰি দিয়ে।
পাহাৰীয়া জিলা কেইখনৰ বাবে গঠন কৰি দিয়া নতুন কমিটিখনত আব্দুল খালেক অধ্যক্ষ হিচাপে থকাৰ বিপৰীতে বিধায়ক শশী কান্ত দাস আুৰ গোলাপ শইকীয়া সদস্য হিচাপে আছে। যুৱ কংগ্ৰেছী নেতা মানস বৰাক কমিটিখনৰ আহ্বায়কৰ দায়িত্ব দিয়া হিছে।
Photo: Google





























Discussion about this post