দুদিন পূৰ্বে ভাৰত জোড়ো ন্যায় যাত্ৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কটাক্ষ কৰিবলৈ গৈ অমিতাভ বচ্চন আৰু তেওঁৰ বোৱাৰী ঐশ্বৰ্য ৰায় বচ্চনৰ নাম উল্লেখ কৰিছিল ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীৰ সেই বক্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। এইবাৰ ৰাহুল গান্ধীৰ সেই মন্তব্যৰ প্ৰত্যুত্তৰ দিলে অমিতাভ বচ্চনে। ৰাহুল গান্ধীৰ নাম নোলোৱাকৈ তেওঁক প্ৰত্যুত্তৰ দিলে ‘বিগ বি’য়ে।
বিগত ১৮ ফেব্ৰুৱাৰীত প্ৰয়াগৰাজ (Prayagraj) ৰ এক জনসভাত ৰাহুল গান্ধীয়ে কৈছিল, ‘‘আপোনালোকে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ অনুষ্ঠান চাইছেনে? কোনো পিছপৰা জাতি, জনজাতিৰ প্ৰতিনিধিক দেখিছিলনে?’’ ইয়াৰ পিছতে ৰাহুল গান্ধীয়ে কোৱা শুনা যায়, যিসকলে দেশ চলায় তেওঁলোকক ৰাম মন্দিৰৰ উদ্বোধনীৰ আমন্ত্ৰণৰ তালিকাৰ পৰা বাদ দিয়া হৈছে। আৰু নিমন্ত্ৰণ কৰা হৈছে কাক? অমিতাভ বচ্চন, ঐশ্বৰ্য ৰায় বচ্চন আদিক।’’
উল্লেখযোগ্য যে ২২ জানুৱাৰীত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ অনুষ্ঠানত উপস্থিত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সেই অনুষ্ঠানত উপস্থিত আছিল বলীউদৰ বহু তাৰকা। অমিতাভ বচ্চন আৰু অভিষেক বচ্চনক দেখা গ’লেও অনুষ্ঠানত দেখা যোৱা নাছিল ঐশ্বৰ্যক। ৰাহুল গান্ধীৰ বক্তব্যৰ সেই ভিডিঅ’ ভাইৰেল হৈছে সামাজিক মাধ্যমত।
ইয়াৰ পিছতে ইয়াৰ প্ৰত্যুত্তৰ দিলে অমিতাভ বচ্চনে। অভিষেক-ঐশ্বৰ্যৰ বিচ্ছেদৰ চৰ্চাৰ মাজতে বোৱাৰীৰ পক্ষত থিয় দিলে মেগাষ্টাৰগৰাকী। এক্স হেণ্ডেলত অমিতাভ বচ্চনে লিখিলে, ‘‘এতিয়া কেৱল পৰিশ্ৰম কৰাৰ সময়। শাৰীৰিকভাৱে তৎপৰ থকা… আৰু মানসিকভাৱে নম্ৰ থকা… এই সকলোবোৰৰৰ বাবে কেৱল অপেক্ষা কৰিব লাগিব।’’ অমিতাভৰ পূৰ্বেই ৰাহুল গান্ধীৰ মন্তব্যৰ প্ৰতিবাদ কৰিছে গায়িকা সোণা মহাপাত্ৰই। এক্সত সোণাই লিখিছিল, ‘‘ৰাজনীতিবিদসকলে তেওঁলোকৰ বক্তব্যত বহু সময়ত মহিলাক অৱমাননা কৰে। ইয়াৰ জৰিয়তে তেওঁলোকে নিজৰ পৌৰুষত্ব প্ৰমাণ কৰিব বিচাৰে নেকি?’’ ৰাহুল গান্ধীক লক্ষ্য কৰি সোণা মহাপাত্ৰই লগতে লিখিছিল, ‘‘অতীতত আপোনাৰ মাতৃ আৰু ভগ্নীক কোনোৱে এইদৰে অৱজ্ঞা কৰিছিল নেকি? ঐশ্বৰ্যই কিন্তু খুব ভাল নাচে।’’
Discussion about this post