প্ৰধানমন্ত্ৰী মোডী গ্ৰীচৰ প্ৰধানমন্ত্ৰী কিৰিয়াকোছ মিটচোটাকিছৰ আমন্ত্ৰণত দেশখনত উপস্থিত হয়। তেওঁ কয়,”৪০ বছৰৰ পিছত গ্ৰীচ ভ্ৰমণ কৰা প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰী হোৱাৰ বাবে মই সন্মানিত।” ইয়াৰ পূৰ্বে ১৯৮৩ চনত ইন্দিৰা গান্ধীয়ে গ্ৰীচ ভ্ৰমণ কৰিছিল।
গ্ৰীচত থকাৰ সময়তে প্ৰধানমন্ত্ৰী মোডীয়ে হোটেল এথেন্সৰ গ্ৰেণ্ড ব্ৰেটেনৰ বাহিৰত সমবেত হোৱা ভাৰতীয় প্ৰব্ৰজনকাৰীসকলক শুকুৰবাৰে সাক্ষাৎ কৰে।
দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ উদ্দেশ্যে শুকুৰবাৰে প্ৰধানমন্ত্ৰী মোডী দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গৰ পৰা গ্ৰীচৰ ৰাজধানীত উপস্থিত হয়। দক্ষিণ আফ্ৰিকাত ভাৰতৰ প্ৰধানমন্ত্ৰী মোডীয়ে ১৫ সংখ্যক BRICS সন্মিলনত (ব্ৰিকছ সন্মিলন ২০২৩) অংশগ্ৰহণ কৰে আৰু দেশখনৰ সৈতে ভাৰতৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে বিশ্বৰ কেইবাজনো নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকত অংশ গ্ৰহণ কৰে।
প্ৰধানমন্ত্ৰী মোডীৰ এদিনীয়া গ্ৰীচ ভ্ৰমণৰ সন্দৰ্ভত এম ই এৰ (MEA) মুখপাত্ৰ অৰিন্দম বাগচিয়ে কয়, “প্ৰধানমন্ত্ৰীয়ে অজ্ঞাত সৈনিকৰ সমাধিস্থলত মাল্যাৰ্পণ কৰিব। ইয়াৰ পিছত তেওঁ গ্ৰীচৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব, গ্ৰীচৰ প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনা কৰিব আৰু ব্যৱসায়ী সকলৰ সৈতে সাক্ষাৎ কৰিব।” প্ৰস্থানৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় সম্প্ৰদায়ৰ সৈতে মত বিনিময় কৰিব যিসকলে চন্দ্ৰযান-৩ অভিযানৰ সফলতাৰ পিছত তেওঁক সাক্ষাত কৰিবলৈ উৎসাহিত হৈ আছে।”
Discussion about this post