গোলাঘাট, 14 অক্টোবৰ: আজি অসমৰ অন্যতম প্ৰধান ৰাজনৈতিক দল অসম গণ পৰিষদৰ ৩৯ সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ ১৯৮৫ চনৰ ১৪ অক্টোবৰত, ঐতিহাসিক অসম আন্দোলনৰ পটভূমিত আৰু অসমবাসীৰ মৰম আৰু ত্যাগৰ ফলশ্ৰুতিত অসমৰ অন্যতম আঞ্চলিক ৰাজনৈতিক শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছিল অসম গণ পৰিষদে (AGP) ৷ অসমৰ ৰাজনৈতিক ইতিহাসত সুদীৰ্ঘ ৩৪ বছৰীয়া পৰিক্ৰমাৰ সমাপ্তি ঘটাই শনিবাৰে ৩৯ বছৰত ভৰি দিলে আঞ্চলিক দলটোৱে । আজি ( শনিবাৰে ) অসম গণ পৰিষদৰ (AGP) জন্মস্থান গোলাঘাটৰ সমন্বয় খেলপথাৰত দলটোৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে দিনজোৰা কাৰ্যসূচীৰে ।
উল্লেখ্য যে, সেই সময়তে নতুন ৰাজনৈতিক দলটোৱে আছুৰ সভাপতি প্ৰফুল্ল কুমাৰ মহন্তক সভাপতি হিচাপে নিৰ্বাচিত কৰিছিল । ইয়াৰ পৰৱৰ্তী সময়ত ১৯৮৫ চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি ৬৭ খন আসন লাভ কৰি চৰকাৰ গঠন কৰে অগপ দলে । ইয়াৰ পিচত ১৯৯৬ চনৰ নিৰ্বাচনত জয়ী হৈ পুনৰ চৰকাৰ গঠন কৰে আঞ্চলিক দলটোৱে । দলীয় নেতা প্ৰফুল্ল কুমাৰ মহন্তই দুটা কার্যকাল অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ বৰ্তমানে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ অন্যতম সহযোগী অসম গণ পৰিষদ (AGP) ৷
Discussion about this post