ৰাজ্যৰ দল-সংগঠনসমূহে দাবী কৰি অহা ভূমি অধিকাৰ বিষয়টো মিছন বসুন্ধৰা আঁচনিয়ে সমাধান কৰিছে বুলি ইতিমধ্যে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ আনহাতে হৈ যোৱা বিধানসভা অধিৱেশনত ৰাজ্যখনৰ খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ ভূমি আইন প্ৰণয়নৰ বাবে অনুমোদন লৈছে ৰাজ্য চৰকাৰে ৷
তেনে সময়ত মিছন বসুন্ধৰাৰ জৰিয়তে যাতে খিলঞ্জীয়া লোকসকলক অধিক ক্ষীপ্ৰতাৰে ভূমি অধিকাৰ দিব পাৰি তাৰ বাবে মিছন বসুন্ধৰা ৩.০ কাৰ্যসূচী কৰিবলৈ তৎপৰ হৈছে ৰাজ্য চৰকাৰ । অহা ২ অক্টোবৰৰ পৰা মিছন বসুন্ধৰা ৩.০ আৰম্ভ কৰা হ’ব বুলি চৰাইদেউৰ মৰাণত ঘোষণা কৰিলে ৰাজহ মন্ত্ৰী যোগেন মহনে ৷
মিছন বসুন্ধৰা ৩.০ ৰূপায়ণ সন্দৰ্ভত ৰাজহ মন্ত্ৰীয়ে কয় যে, বৰ্তমানৰ বিজেপি চৰকাৰখন খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ চৰকাৰ বুলি দাবী কৰি মন্ত্ৰী যোগেন মহনে কয়, ‘‘আৰম্ভণিৰে পৰা চৰকাৰখনে খিলঞ্জীয়াৰ বাবে কাম কৰি আছে । খিলঞ্জীয়াক ভূমিৰ অধিকাৰ প্ৰদান কৰা হৈছে ৷ মিছন বসুন্ধৰাৰ জৰিয়তে খিলঞ্জীয়া ৰাইজক মাটিৰ পট্টা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ৷ অহা ২ অক্টোবৰৰ পৰা মিছন বসুন্ধৰা ৩.০ আৰম্ভ কৰা হ’ব । এই মিছন বসুন্ধৰা ৩.০ ৰ জৰিয়তে ২০২২ চনলৈ চাহ বাগিচাত বাস কৰি থকা লোকসকলেও ভূমিপট্টা লাভ কৰিব । কিন্তু ২০২২ চনৰ পিছত অহা কোনো লোকে নাপাব ভূমি অধিকাৰ ।’’
ইফালে সাম্প্ৰতিক অসমত মিঞা মুছলমানক লৈ ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ উত্তপ্ত হৈ পৰিছে ৷ দল-সংগঠনে উজনি অসমৰ পৰা মিঞা মুছলমানক খেদিবলৈ একত্ৰিত হোৱাৰ সমান্তৰালভাৱে ৰাজ্যৰ ৰাজনীতিত শাসক-বিৰোধীৰ মাজতো মিঞা মুছলমানক লৈ তীব্ৰ বাকযুদ্ধ দেখিবলৈ পোৱা গৈছে ৷
মিঞাক লৈ বিতৰ্ক চলি থকা সম্পৰ্কত মন্ত্ৰী যোগেন মহনে কয় ‘‘মিঞা বুলি ক’লে কোনোবাই ভালপায়, কোনোবাই বেয়া পায় ৷ আমি মিঞা ভাই বুলিয়েই কওঁ ৷ মিঞা মানেই অবৈধ বাংলাদেশী নহয় ৷ যিসকল অবৈধ তেওঁলোকক চিনাক্ত কৰি বিতাড়নৰ ব্যৱস্থা কৰিব লাগিব ৷ তেওঁলোকে লৈ থকা সা-সুবিধাবোৰৰ পৰা বঞ্চিত কৰিব লাগিব ৷’’
Discussion about this post