আমাৰ প্ৰকৃতিৰ বুকুত ভিন্ন প্ৰকাৰৰ জীৱ-জন্তু আছে আৰু হয়টো তাৰে আধা সংখ্যকহে মানুহে দেখা পাইছে। বিচিত্ৰ পৃথিৱীত আছে বিচিত্ৰ বিচিত্ৰ জীৱ-জন্তু। যিসমূহৰ বিষয়ে জানিবলৈ আমি নিশ্চয়কৈ আগ্ৰহ প্ৰকাশ কৰো।
এইবাৰ আহক দেখুৱাম এটা বিচিত্ৰ জীৱৰ ছবি। কি হয় এই বিচিত্ৰ জীৱবিধ? এই প্ৰশ্নৰ উত্তৰ ৯০ শতাংশ লোকৰে ভুল। তিনিখন মুখ থকা সাপৰ দৰে দেখিবলৈ এই জীৱবিধৰ ফটো সামাজিক মাধ্যমত আপলোড হোৱাৰ লগে লগে ভাইৰেল হৈ পৰে।
ফটোখন দেখি বৈজ্ঞানিকে ভাৱিছিল এয়া কোনো এক স্বাস্থ্যগত বিসংগতি বুলি। পিছে যেতিয়া ইয়াৰ পিছৰ সত্য়তা জানিব পাৰে সকলো আচৰিত হৈ পৰে। বৈজ্ঞানিকেও প্ৰকৃতিৰ লীলা দেখি চকু থৰ হৈ পৰে।
Attacus Atlas is one of the largest butterflies in the world and lives only for two weeks with one goal in their adult stage: lay eggs and defend them until they hatch while disguised as a snake pic.twitter.com/oc7u2H288X
— Rob (@thegallowboob) October 15, 2021
কাৰণ যিখন ফটো আপোনালোকে দেখিছে সেয়া কোনো সাপ নহয় বৰঞ্চ এক পখিলা হে। যি পখিলাৰ বিচিত্ৰ পাখিৰ আকাৰ সাইলাখ সাপৰ মুখ। সলেই প্ৰজাতিৰ পখিলাৰ পাখি যদি কেতিয়াবা এখন মুখ থকা হয়, কেতিয়াবা দুখন বা তিনিখনো হ’ব পাৰে।
সেই পখিলা বিধৰ আয়ুসকাল কেৱল মাত্ৰ ২ সপ্তাহ। কেৱল কণী পাৰি বংশ বৃদ্ধি কৰাই সেই পখিলাৰ লক্ষ্য। এই বিশেষ পখিলা বিধৰ নাম এট্টাকাছ এটলাছ (Attacus Atlas)। যি বিশ্বৰ ভিতৰতে সকলোতকৈ ডাঙৰ প্ৰজাতি হিচাপে গণ্য কৰা হয়। এই বিশেষ প্ৰজাতিৰ পখিলা বিধ সাধাৰণতে এছিয়া মহাদেশতে পোৱা যায়।
Photo: Twitter
Discussion about this post