শিৱসাগৰ (Sivasagar)ৰাজপথত Pati Patni Aur Wohৰ দুৰ্বাদল কাজিয়া (Clash)। নিজ পত্নীয়ে আগচি ধৰিলে স্বামীৰ ASO4 R 4356 নম্বৰৰ কুইড গাড়ীখন। খন্তেকতে ঘটনাৰ বুজ ল’বলৈ গাড়ীৰ চাৰিওফালে ভিৰ হ’ল অগণন লোকৰ।
গাড়ী আগচি ধৰা এই গৰাকী পত্নী (Wife, Husband And Lover)। গাড়ী ৰখাইছেহে ৰখাইছে, চালকৰ আসনত থকা স্বামীয়ে নাৰাখে গাড়ী। পত্নীয়ো নাচোৰ বান্দা। গাড়ী ৰখাবই লাগিব, প্ৰায় এক কিলোমিটাৰ মান আগুৱাই যোৱাৰ পাছতহে গাড়ী ৰখাবলৈ বাধ্য হ’ল স্বামীয়ে।
ইয়াৰ পাছতে উগ্ৰমূৰ্তি ধাৰণ কৰি এফালৰ পৰা ভাঙিলে স্বামীৰ গাড়ী। লগতে চেকণিৰে স্বামীৰ সহিতে যুৱতীক দিলে উত্তম মধ্যম। মৰিয়াই ভুকুৱাই গাড়ীৰ গ্লাছ ভাঙিও ক্ষান্ত হোৱা নাই পত্নী। জানিব পৰা মতে মহিলা গৰাকীৰ স্বামীৰ আছে এটি ২৭ বছৰীয়া পুত্ৰৰ লগতে এগৰাকী কন্যা সন্তানো।
আচলতে গাড়ীৰ ছিটত বহি যোৱা সুন্দৰী যুৱতীগৰাকীৰ সৈতে এইজনৰ আছে দীৰ্ঘদিনীয়া অবৈধ প্ৰেমৰ সম্পৰ্ক। আজি এনেদৰেই শিৱসাগৰ ৰাজপথত হাতে-লোটে পাই আগচি ধৰে পত্নীয়ে। স্বামী হৈছে শিৱসাগৰ বাইপাছ নিবাসী ঠিকাদাৰ বিভানন্দ গগৈ। আৰু যুৱতী হ’ল শিৱসাগৰৰ ২৩ বছৰীয়া যুৱতী গগৈ ডাঙৰীয়ানী। ইয়াৰ পূৰ্বেও জয়সাগৰ আৰক্ষী চকীৰ (Jaysagar Police) আলহী হৈছিল দৰা কইনাৰ পাভ জোৰা। অৱশ্যে এটা সময়ত আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ হ’ল পৰিস্থিতি।
Photo & Input: দ্বীপজোতি গগৈ
Discussion about this post