Optical Illusion Viral Video: আজিকালি ছচিয়েল মিডিয়াত (Social Media) মানুহে অপ্টিকেল ইলিউছন থকা ছবিবোৰ চাই অলপ সময়ৰ বাবে থমকি ৰৈ যায় আৰু তাৰ উত্তৰটো বিচাৰিবলৈ চেষ্টা কৰে। প্ৰতিদিনে এনেধৰণৰ বিভ্ৰান্তিকৰ ছবি ভাইৰেল হৈয়ে থাকে। সৰু হওক বা ডাঙৰে হওক সকলোৱে ছচিয়েল মিডিয়াত অপ্টিকেল ইলিউছনৰ (Optical Illusion) প্ৰতি আগ্ৰহী। মানুহে সাঁথৰ বুজিবলৈ বহুত আনন্দ পায়। এইকাৰণেই আগতে বাতৰি কাকতটো এনে ছবি প্ৰকাশ কৰা হৈছিল, য’ত পঢ়ুৱৈসকলে দুখন ফটোৰ মাজৰ পাৰ্থক্য বিচাৰি উলিয়াব লগা হৈছিল। বৰ্তমান অপ্টিকেল ইলিউছনৰ ফটোবোৰে সেই স্থান দখল কৰিছে।
আৱৰ্জনাৰ মাজত লুকাই আছে এটা মেকুৰী (Did You See A Cat)
কিছুমান লোক আছে যিয়ে সকলো ধৰণৰ ট্ৰেণ্ডিং, ধেমালি আৰু জন্তুৰ ভিডিঅ’ চাবলৈ ভাল পায়। কিন্তু কিছুমানৰ সোৱাদ বেলেগ। উচ্চ আত্মবিশ্বাস থকা লোকসকলে প্ৰত্যাহ্বান পচন্দ কৰে। আজিকালি, নেটিজেনসকলৰ মাজত অপ্টিকেল ইলিউছন (Optical Illusion) ফটোৰ এক উন্মাদনা আছে। ছচিয়েল মিডিয়াত ‘সাপ লুকাই আছে এই ফটোখনত’, ‘কিমানটা জন্তু লুকাই আছে এই ফটোখনত…’দৰে সাঁথৰ ভাইৰেল হৈ আছে। এনেধৰণৰ এখন অপ্টিকেল ইলিউছনৰ ছবি ভাইৰেল হৈ আছে, য’ত এটা মেকুৰী লুকাই আছে। এতিয়া আপুনি এইটো বিচাৰি উলিয়াব লাগিব যে মেকুৰীটো কোনটো কোণত আছে। এইটো ইমানো সহজ নহয়। মেকুৰীটো আৱৰ্জনাৰ স্তূপৰ মাজত আছে।
অপ্টিকেল ইলিউছনৰ ফটো ছচিয়েল মিডিয়াত ভাইৰেল (Optical Illusion Viral Video) হৈছে
ছচিয়েল মিডিয়াত ভাইৰেল হৈ থকা এই ছবিখনত আপুনি অলপ মগজুৰ ওপৰত জোৰ দিব লাগিব। অৱশ্যে, মেকুৰীটো ইমানবোৰ আৱৰ্জনাত সহজে দেখা নাযাব, যদিহে আপুনি ইয়াক চাৰিওফালে সঠিকভাৱে বিচাৰি নাচায়। অলপ ভালদৰে চাওক আৰু কওক মেকুৰীটো ক’ত লুকাই আছে (Did You See A Cat)। যদি আপুনি এতিয়াও দেখা পোৱা নাই তেন্তে আহক আপোনালোকক এটা হিণ্ট দিও। মেকুৰীটোৰ ৰং ক’লা আৰু বগা আৰু ই আৱৰ্জনাৰ মাজৰ পৰা তলতলৈ নামি আহি আছে। যদি আপুনি এতিয়াও দেখা নাই তেন্তে তলত এখন ফটো দিয়া আছে।
Photo: Zee News
Discussion about this post