ছচিয়েল মিডিয়াত (Social Media)ত প্ৰায়ে অপ্টিকেল ইলিউছনৰ ফটো ভাইৰেল হৈ পৰে। মানুহক এইধৰণৰ ইলিউছনে (Optical Illusion) যথেষ্ট আকৰ্ষিত কৰে। এনেধৰণৰ এটা হাতীৰ ফটো সামাজিক মাধ্যমত বহুত ট্ৰেণ্ডিং হৈ আছে।
এই ফটোখন বনোৱা শিল্পীগৰাকীয়ে (Artist) চতুৰতাৰে মানুহক চিন্তাত পৰিবলৈ বাধ্য কৰোৱাইছে। এই ফটোখনত, হাতীৰ একমাত্ৰ শুদ্ধ ভৰিখন তাৰ পাছফালৰ বাওঁ ভৰিখন হয়। কেৱল সেই ভৰিখনে সঠিকভাৱে বনোৱা হৈছে। হাতীৰ ভৰি (Elephant Legs) বিচাৰি বিচাৰি সকলোৰে মূৰ ঘামিছে তথাপিও তেওঁলোকে সঠিক উত্তৰ দিব পৰা নাই।
Optical Illusion – How many legs does this elephant have? #optical #Illusion #elephant #legs pic.twitter.com/G6ncSVtQTl
— 𝙈𝙖𝙧𝙩𝙞𝙣𝙖 𝙍𝙤𝙨𝙚𝙢𝙖𝙣𝙣 🌹😎🇩🇪 (@MartinaRosemann) December 20, 2016
সঠিক উত্তৰ বিচাৰি পোৱাটো প্ৰায় অসম্ভৱ
এই ফটোখনত (Photo) হাতীৰ কিমানখন ভৰি আছে সেই প্ৰশ্নৰ উত্তৰ দিয়াটো প্ৰায় অসম্ভৱ। কিছুমান লোকে উত্তৰ দিছে ৪ বুলি, আনহাতে কিছুমানে ইয়াক ৫খন ভৰি থকা হাতী (Elephant) বুলি কৈছে। আপুনিও এই ছবিখন এবাৰ চাওক আৰু বিচাৰি উলিয়াওক যে হাতীটোৰ কেইখন ভৰি আছে।
ফটোখন ওচৰৰ পৰা চাওক
ফটোখন ভালদৰে চালে আপুনি দেখিব যে হাতীৰ বাকী ভৰিবোৰ সম্পূৰ্ণৰূপে বনোৱাই হোৱা নাই। শিল্পীজনে খুব বালদৰে তাৰ ভৰি কাটি দিছে আৰু ভৰিৰ আকৃতিক (Images Of Feet) আচল ভৰিৰ মাজত সতৰ্কতাৰে লগাই দিছে। এই ভ্ৰমৰ বাবে, ফটোখনত হাতীৰ কিমানখন ভৰি আছে কোৱাটো অতি কঠিন। অৱশ্যে ছবিখনত হাতীৰ ৪খনে ভৰি আছে কিন্তু ভ্ৰমৰ বাবে গণনা কৰাটো অতি কঠিন হৈ পৰিছে।
Photo: Zee News
Discussion about this post