OnePlusৰ লেটেষ্ট স্মাৰ্টফোন OnePlus Nord 2 ভুল কাৰণৰ বাবে চৰ্চাত আছে। দুবাৰকৈ ফোন বিস্ফোৰণৰ ঘটনা পোহৰলৈ আহিছে। দুয়োটা ঘটনাতে কোম্পানীটোৱে বেটাৰিত External Forceক কাৰণ হিচাপে উল্লেখ কৰিছিল। এইবাৰ এটা নতুন ঘটনা পোহৰলৈ আহিছে, এইবাৰ OnePlus Nord 2ৰ চাৰ্জাৰ বোমাৰ দৰে বিস্ফোৰণ হৈছে। ব্যৱহাৰকাৰীজনে এইটো কথা টুইটাৰযোগে প্ৰকাশ কৰে। তেওঁ কোম্পানীৰ পৰা উত্তৰ বিচাৰিছে। আহক জানো আচলতে হৈছে কি…
আচলতে হৈছে কি?
স্মাৰ্টফোনটোৰ স্বত্বাধিকাৰী জিমি জোছে ঘটনাটো টুইটাৰত কয় আৰু কেইখনমান ফটো শ্বেয়াৰ কৰিছে। জোছে কোৱা অনুসৰি, ৱানপ্লাছ নৰ্ড ২ৰ চাৰ্জাৰডাল ছকেটত লগোৱা হৈছিল যেতিয়া তেওঁ এটা ডাঙৰ শব্দ শুনিছিল আৰু দেখিছিল যে চাৰ্জাৰডাল ভাঙি-চিঙি চূৰমাৰ হৈ গৈছিল। কিন্তু জোচে নিশ্চিত কৰিছিল যে এডাপ্টৰ এতিয়াও কাম কৰি আছে। লগতে OnePlus Nord 2 ভালদৰে কাম কৰি আছে।
ব্যৱহাৰকাৰীজনে টুইটাৰত কি লিখিছিল?
জিমি জোচে OnePlus টেগ কৰি টুইটাৰত লিখিছিল, ‘মই ইয়াত আপুনি মনোযোগ দিয়াটো বিচাৰো। মোৰ ৱানপ্লাছ নৰ্ড ২ চাৰ্জাৰটো চকেটত লগোৱাৰ লগে লগে বিস্ফোৰণ হৈছিল। সৌভাগ্যক্ৰমে মই এইটো টুইট কৰিবলৈ জীয়াই আছোঁ। নৰ্ড ২ য়েও কাম কৰি আছে। কিন্তু এয়া যথেষ্ট ভয়ানক, মই এতিয়াও ঘটনাটো পাহৰিব পৰা নাই।’
I wanted to get this to your immediate attention. My OnePlus Nord 2 warp charger blasted with a huge sound and it blew up the socket. Luckily I'm alive to make this tweet. The Nord 2 is working. but this is scary af. I'm still in shock😐@OnePlus_IN @oneplus @OnePlus_Support pic.twitter.com/K3fXCyGzNp
— Jimmy Jose (@TheGlitchhhh) September 25, 2021
কোম্পানীৰ প্ৰতিনিধিজনে এনেকুৱা কথা কৈছিল
জোচে লগতে কৈছিল যে, তেওঁক গ্ৰাহক সেৱা কেন্দ্ৰলৈ যাবলৈ কোৱা হৈছিল, য’ত তেওঁক কোৱা হৈছিল যে বিস্ফোৰণটো অধিক বিদ্যুতৰ ফলত হ’ব পাৰে। তেওঁক ফোনটো সলনি কৰাৰো আশ্বাস দিয়া হৈছিল। তেওঁ কৈছিল যে ৱানপ্লাছৰ এজন প্ৰতিনিধিয়ে তেওঁক ফোন কৰিছিল আৰু তেওঁক এই বিষয়ে সুধিছিল আৰু লগতে জোৰ দি প্ৰতিনিধিগৰাকীয়ে কৈছিল যে এইটো “Voltage Fluctuation Problem“ৰ বাবে হৈছিল।
টুইট ভাইৰেল হৈছে
টুইটটোৱে ২,০০০ তকৈও অধিক লাইক, ৪৬৭টা ৰিটুইট আৰু ১২১ টাতকৈও অধিক মন্তব্য লাভ কৰিছে। কিছুমান ব্যৱহাৰকাৰীয়ে কৈছিল যে এইটো Voltage Fluctuationৰ বাবে হ’ব পাৰে।
Photo: Twitter
Discussion about this post