অসম চৰকাৰৰ জনসংযোগ বিভাগৰ দ্বাৰা প্ৰচাৰিত এক বিজ্ঞাপন। শুকুৰবাৰে ৰাজ্যৰ আগশাৰীৰ প্ৰায়বোৰ কাকততেই প্ৰকাশিত এই বিজ্ঞাপনক লৈ এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে তুমুল প্ৰতিক্ৰিয়াৰ।
বিজ্ঞাপনটোত কোৱা হৈছে, ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগে বিদ্যুতৰ বিল পৰিশোধ কৰা নাই বুলি বিগত কিছু দিন ধৰি সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰি বিভ্ৰান্তিকৰ।
কিছু দিনৰ পৰা আপুনিও হয়তু শুনি আছে , বহুকেইটা চৰকাৰী বিভাগে কোটি কোটি টকা বিদ্যুতৰ মাচুল পৰিশোধ কৰা নাই।
বিদ্যুতৰ মাচুল পৰিশোধ নকৰা এনে বিভাগ সমূহৰ তালিকাত থকা ডি জি পিৰ কাৰ্যালয়েও পৰিশোধ কৰিবলৈ আছে ৫ কোটি টকা। কিন্তু এয়া হেনো বিভ্ৰান্তিকৰ বাতৰিহে। বাস্তৱ ছবিখন হেনো ভিন্ন। কাৰণ, ২০১৮ ৰ পৰা ২০২১ লৈ, তিনি বছৰত ৰাজ্য চৰকাৰে শক্তি বিভাগৰ অধীনস্থ APDCL ৪,৩৯৯ কোটি টকা,AEGCL ক ১,০৪৭ কোটি টকা আৰু APGCL ক ৫৮২ কোটি মুঠ ৫,৯৮৯ কোটি টকা ৰাজ সাহায্য প্ৰদান কৰিছে।
এই কোম্পানী তিনিটা যিহেতু ৰাজ্য চৰকাৰৰ প্ৰতিষ্ঠান আৰু কোম্পানী তিনিটাক ৰাজ্য চৰকাৰে ৰাজ সাহায্য প্ৰদান কৰিছে, সেয়ে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ বিদ্যুতৰ বিল অনাদায় হৈ থকাৰ কথা প্ৰযোজ্য নহয়।এই বিজ্ঞাপনৰ দ্বাৰা শক্তি বিভাগে এটা কথা ষ্পষ্টকৈ কৈ দিলে, চৰকাৰী বিভাগসমূহে যিমানেই বিল দিবলৈ নাথাকক কিয়, সেইবোৰ নিদিলেও হব।
শক্তি বিভাগৰ এই জাননীক লৈ এতিয়া পৰ্তিক্ৰিয়া সচেতন মহলৰ মাজত।ছছিয়েল মিডিয়াটো সৰৱ চৰ্চা হৈছে বিষয়টো। একাংশ সচেতন লোকৰ প্ৰশ্ন,এয়া কেনে নীতি শক্তি বিভাগৰ ? বিভাগটোৰ এয়া দুমুখীয়া চৰিত্ৰ নহয় নে? জিলা-মহকুমাৰ পৰা দিছপুৰলৈকে চৰকাৰী বিভাগ আৰু কাৰ্যালয়বোৰে বিনামূলীয়াকৈ যিমান ইচ্ছা সিমান বিদ্যুত ব্যৱহাৰ কৰি থাকিব পাৰিব আৰু এপিডিচিএলে বিদ্যুতৰ বিল দাখিল কৰিয়েই দায়িত্ব সামৰিব ।
একাংশৰ প্ৰশ্ন, এই যে চৰকাৰী ৰাজসাহাৰ্যৰ কথা কোৱা হৈছে সেয়া কি ৰাইজৰ কৰ-কাটলৰ ধন নহয় নেকি ? বিভাগসমূহৰ বাবে বাজেট ধাৰ্য পুজি থকাৰ পিচতো তাৰে নিয়মীয়াকৈ বিদ্যুত বিল পৰিশোধ নকৰি আকৌ সিবিলাকক চৰকাৰী ৰাজসাহাৰ্যৰ ব্যৱস্থাৰে সাধাৰন ৰাইজৰ ওপৰত ৰামটাঙোন কিয় ?
চৰকাৰী বিভাগবোৰে বিদ্যুতৰ বিল আদায় নিদিয়াৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বোজা সাধাৰন ৰাইজৰ ওপৰত কিয় ? কিয় চৰকাৰৰ এনে অন্যায়-অবিচাৰ ? তাৰ মানে ৰাইজৰ সেৱাৰ বাবে থকা চৰকাৰী বিভাগবোৰে জধে-মধে চৰকাৰী ধন অপব্যৱহাৰ কৰি থাকিব আৰু তাৰ বোজা লৈ থাকিব লাগিব সাধাৰন জনগনে !
চৰকাৰে সাধাৰন ৰাইজক নিয়মীয়াকৈ বিদ্যুতৰ বিল আদায় দিবলৈ আহবান জনাইছে ; কিন্ত চৰকাৰী বিভাগ বা কাৰ্যালয়সমূহৰ ক্ষেত্ৰত নিমাত বৰং এতিয়া স্পষ্টীকৰন দি কোৱা হৈছে যে সিবিলাকে বিদ্যুতৰ বিল পৰিশোধ কৰাৰ প্ৰয়োজন নাই । তাৰ মানে চৰকাৰী বিভাগসমূহ বিদ্যুৎ সংক্ৰান্তীয় আইন-কানুনৰ উদ্ধত ?
আইনবোৰ কেৱল সাধাৰন ৰাইজৰ বাবেহে নেকি ? বৃহস্পতিবাৰে প্ৰকাশিত এই জাননী খনে উদঙাই দিলে আৰু এটা দিশ। তাল মিল নাই APDCL আৰু অসম চৰকাৰৰ কাম কাজৰ।
কিছুদিন পূৰ্বে ৰাজ্যৰ স্বয়ং DGP কাৰ্যালয়েই ৫ কোটি টকা বিদ্যুতৰ বিল আদায় দিবলৈ আছে বুলি বাতৰি প্ৰকাশ হোৱাত APDCLএ প্ৰেছ বিজ্ঞপ্তি দি জনাইছিল যে DGP কাৰ্যালয়কে ধৰি অসম চৰকাৰৰ আন আন বিভাগসমূহৰ অনাদায় বিদ্যুতৰ বিলসমুহ GAD ত Process ত আছে।
আৰু সেই APDCL য়েই আজি কৈছে যিহেতু ৰাজ্য চৰকাৰৰ পৰা শক্তি বিভাগে কেইবাহাজাৰ কোটি টকা ৰাজসাহায্য লৈ থৈছে সেয়ে চৰকাৰী বিভাগে বিদ্যুতৰ বিল নিদিলেও হ’ব।শক্তিমন্ত্ৰী ডাঙৰীয়া,এয়া আকৌ কেনে বিচাৰ?
মানস জ্যোতি বৰুৱা
Discussion about this post