‘মই আত্মসমৰ্পণ কৰা নাই, শান্তি আলোচনাৰ বাবেহে আহিছো। সাংবাদিকে ভুল প্ৰচাৰ কৰিছে।’- সাংবাদিকৰে হোৱা বাৰ্তালাপত এন এল এফ বিৰ মুৰব্বী এম বাথাৰ বিস্ফোৰক মন্তব্য়।
জংঘলত কাকো ভয় কৰা নাই। আমাক যেনেকুৱা ব্যৱহাৰ কৰিছে কুকুৰৰ দৰে। বিটিচিৰ আগৰৱালা IGP, কোকৰাঝাৰৰ SP ৰাকেশ ৰোশনে আমাক যেনেকুৱা কুকুৰৰ দৰে ব্যৱহাৰ কৰিছে। মই বাৰ্মা বৰ্ডাৰত আছিলো। যেতিয়া মুখ্য়মন্ত্ৰীৰ লগত আলোচনা হ’ল তেতিয়া অৰুণাচললৈ আহিলো। মুখ্যমন্ত্ৰীয়ে যি কৰে ভালে কৰিব। তেওঁ আমাক জংঘলত গৈ লগ ধৰিছে। সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য এম বাথাৰ।
তেওঁ লগতে কয় যে তেওঁৰ সৈতে ২২ গৰাকী সদস্য শান্তি আলোচনাৰ বাবে আগুৱাই আহিছে আৰু বিটিআৰ চুক্তি সফলভাৱে ৰূপায়িত হোৱাৰ পিছত সংগঠনটো ভংগ কৰি দিয়া হ’ব। তেতিয়া ২০০তকৈ অধিক কে়ডাৰ শান্তি আলোচনাৰ বাবে ওলাই আহিব।
অৱশ্যে শান্তি আলোচনাৰ বাবে কোনো সময়সীমা নিৰ্ধাৰণ কৰা হোৱা নাই। তেওঁ কয় যে আলোচনা দুমাহত সমাপ্ত কৰে নে দুবছৰ অথবা ৫ বছৰৰ পিছত কৰে সেই কথা মুখ্যমন্ত্ৰীৰ ওপৰত নিৰ্ভৰ কৰিব।
Photo: Google





























Discussion about this post