- Viral Photo: ছচিয়েল মিডিয়াত এইকেইটা দিনত অপ্টিকেল ইলিউছন অৰ্থাৎ (Optical Illusion) ‘চকুৰ ভ্ৰম’ৰ বহুতো ছবি ভাইৰেল হৈয়েই থাকে। কিন্তু বৰ্তমান ছচিয়েল মিডিয়াত এখন ছবি যথেষ্ট ভাইৰেল হৈ পৰিছে, যিখন চাই আপোনাৰো চকুও ঠগ খাব। এই ছবিখন শ্বেয়াৰ কৰি সোধা হৈছে যে ইয়াত কিমানটা ৩ আছে। আশ্চৰ্যজনক কথাটো হ’ল যে প্ৰথমবাৰতে বেছিভাগ মানুহে ভুল উত্তৰ দি আছে।
আপুনি সঠিক উত্তৰ দি জিনিয়াছ হ’ব পাৰে
ভাইৰেল হৈ থকা এই ফটোখনত মোবাইল কীপেডৰ এটা স্ক্ৰীণশ্বট দেখা গৈছে। ইয়াৰ লগতে কীপেডৰ ডায়েল পেডত কিছুমান নম্বৰ লিখা থকা দেখা গৈছে। ছবিখন শ্বেয়াৰ কৰি সোধা হৈছে যে ইয়াত কিমানটা ৩ দেখা পাইছে। সঠিক উত্তৰ দিয়াসকলক ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলে জিনিয়াছ বুলি কোৱা হৈছে। কিন্তু বেছিভাগ মানুহে ইয়াৰ সঠিক উত্তৰ দিয়াত ব্যৰ্থ হৈছে। আপুনিও ছবিখন চাই সঠিক উত্তৰ দিবলৈ চেষ্টা কৰিব পাৰে।
বন্ধুবৰ্গক দিব পাৰে টাস্কটো
বহুলোকে এই সাঁথৰটো সমাধান কৰিবলৈ চেষ্টা কৰিছে, কিন্তু খুব কম লোকেই সঠিক উত্তৰ দিবলৈ সক্ষম হৈছে। ছচিয়েল মিডিয়াত মানুহে ইয়াক যথেষ্ট শ্বেয়াৰ কৰি আছে (Social Media Viral Photo)। মানুহে তেওঁলোকৰ বন্ধুবৰ্গকো সঠিক উত্তৰ দিবলৈ টাস্ক দি আছে।
প্ৰথমবাৰতে প্ৰায়ভাগ লোকেই দিছে ভুল উত্তৰ
যদি আপুনি প্ৰথমবাৰ ছবিখন চাই আপোনাৰ উত্তৰ ১৫, ১৮, বা ২১ হয়, তেন্তে আপুনি একে সিদ্ধান্তত উপনীত হৈছে যিটো বেছিভাগ ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে কৰি আছে। কিন্তু এতিয়া চিন্তা কৰিব লগা কথাটো হ’ল আচলতে সঠিক উত্তৰ কি? ইয়াৰ বাবে, আপুনি ছবিখন পুনৰ চাওক।
এইটো হৈছে সঠিক উত্তৰ
যেতিয়া এই ছবিখন প্ৰথমবাৰৰ বাবে দেখা যায়, মুঠ ১৮ বাৰ ৩ দেখা পোৱা গৈছে। কিন্তু ছবিখনত আৰু এটা ৩ লুকাই আছে। যিটো ৪ অংকৰ তলত ‘I’ৰ দ্বাৰা স্থান বনোৱা হৈছে। এনেদৰে মুঠ ৩ৰ সংখ্যা হৈছে ১৯টা।
Photo: Zee News
Published By- Dulu Medhi
Discussion about this post