এইটো কথা সকলোৱে জানে যে ভাগ্যৰ চকৰি ঘূৰিলে ভিক্ষাৰীও ৰজা হয় আৰু ভাগ্যই লগ এৰিলে ৰজাও ভিক্ষাৰী হয়। এজন দৰিদ্ৰ লোকৰ ক্ষেত্ৰতো সেই একেই ঘটনা সংঘটিত হৈছে। লোকজনে ৫০০ টকা খুচুৰা কৰিবৰ বাবে এটা লটাৰী টিকট কিনিছিল, সেই লটাৰী টিকটটোৱে সলনি কৰিলে লোকজনৰ ভাগ্য।
সেই ভাগ্যবান লোকজনৰ নাম সদানন্দন (Sadanandan)। পেছাত তেওঁ এগৰাকী চিত্ৰকৰ (Painting Worker)। চিত্ৰকৰ সদানন্দনে লটাৰী টিকট (lottery) কিনি ১২ কোটি টকা পাবলৈ সক্ষম হয় (Won Rs 12 Crores)। সদানন্দনে কোৱা অনুসৰি কোৱা অনুসৰি তেওঁ মাংসৰ দোকানলৈ মাংস কিনিবলৈ গৈছিল। ৫০০ টকাৰ খুচুৰা কৰিবৰ বাবেহে তেওঁ ওচৰতে লটাৰী টিকট বিক্ৰী কৰি থকা এজন বিক্ৰেতাৰ পৰা এটা লটাৰী টিকট ক্ৰয় কৰিছিল। কিন্তু সেই এটা টিকটে সলাই দিলে তেওঁৰ ভাগ্য।
টিকট ক্ৰয় কৰাৰ পিছত পিছবেলাৰ সময়ত তেওঁলৈ খবৰ আহে যে তেওঁ প্ৰথম পুৰস্কাৰ হিচাপে ১২ কোটি টকা পাবলৈ সক্ষম হৈছে। এই খবৰ শুনি সদানন্দনৰ পৰিয়ালটোত আনন্দৰ বন্যা বয়। ইয়াৰ পূৰ্বেও সদানন্দনে কেইবাবাৰো লটাৰী টিকট ক্ৰয় কৰিছিল কিন্তু কোনোবাৰে তেওঁ টিকটৰ বাবদ একো পোৱা নাছিল।
এইবাৰ তেওঁ টিকট কিনিবলৈ ইচ্ছা কৰা নাছিল কিন্তু বিপদত পৰি কিনিবলগীয়া টিকটটোৱে তেওঁৰ সলনি কৰিলে ভাগ্য। তেওঁ এতিয়াও বিশ্বাস কৰা নাই যে তেওঁ এতিয়া কোটিপতি।
সদানন্দন আৰু তেওঁৰ পৰিয়াল তেনেই এটা সৰু ঘৰত বাস কৰে। একপ্ৰকাৰ দৰিদ্ৰ জীৱন কটাইছিল পৰিয়ালটোৱে। লটাৰীত পোৱা টকাৰে এটা সুন্দৰ ঘৰ নিৰ্মাণ কৰাৰ সপোন দেখিছে সদানন্দনে। তেওঁৰ কিছুমান ধাৰো আছে, সেই ধাৰো তেওঁ সোনকালে পৰিশোধ কৰাৰ কথা ভাবিছে আৰু লটাৰীত পোৱা ধনেৰে সন্তানৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ কথা ভাবিছে সদানন্দনে। এই ঘটনা কেৰালাৰ (Kerala) তিৰুৱন্তপুৰমৰ।
Photo: Google
Discussion about this post