“জাৱাদ” ধুমুহা (Jawad Cyclone)ৰ কিছু পৰিমাণে প্ৰভাৱ পৰিব উত্তৰ-পূৰ্বাঞ্চলৰ (North East) ৰাজ্যত। ধাৰাসাৰ বৰষুণৰ (Rain) ফলত হাড় কঁপোৱা জাৰ আৰম্ভ হ’ব ৰাজ্যত।
বংগোপ সাগৰত ২৫ কিলোমিটাৰ গতিবেগত উৎপত্তি হোৱা “জাৱাদ” ধুমুহাৰ প্ৰভাৱত ৪ ডিচেম্বৰৰ পৰা ৭ ডিচেম্বৰলৈ অসম (Assam), মেঘালয় (Meghalaya), অৰুণাচল প্ৰদেশ (Arunachal Pradesh), নাগালেণ্ড (Nagaland), মণিপুৰ (Manipur), মিজোৰাম (Mizoram) আৰু ত্ৰিপুৰাৰ (Tripura) বিভিন্ন স্থানত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এই আগজাননী কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ (Regional Meteorological Centre, Barjhar)ই।
বতৰ বিজ্ঞানীয়ে জানিব দিয়া মতে অহা ৫ ডিচেম্বৰত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু কিছু স্থানত ধাৰাসাৰ বৰষুণ অহাৰ উপৰি ৭ ডিচেম্বৰলৈ অসমৰ বিভিন্ন স্থানত হ’ব বৰষুণ।
Photo: Google
Discussion about this post