মহানগৰীৰ আৰক্ষী আয়ুক্ত ৰূপে দায়িত্ব গ্ৰহণ কৰিলে ADGP হৰমিত সিঙে। ইয়াৰ পূৰ্বে আৰক্ষী আয়ুক্ত হিচাপে আছিল মুন্না প্ৰসাদ গুপ্তা। তেওঁৰ পৰা এই দায়িত্বভাৰ গ্ৰহণ কৰিলে হৰমিত সিঙে।
জনসাধাৰণ তথা সংবাদ মাধ্যমেৰে মিলি কাম কৰি যোৱাৰ আশ্বাস প্ৰদান কৰিলে হৰমিত সিঙে। অপৰাধমুক্ত গুৱাহাটী আৰু জনসাধাৰণৰ সুৰক্ষাৰ ক্ষেত্ৰত কাম কৰাৰ আশ্বাস প্ৰদান কৰিলে নৱনিযুক্ত আৰক্ষী আয়ুক্তগৰাকীয়ে।
টুইটাৰযোগেও আৰক্ষী আয়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ কথা সদৰি কৰিছে হৰমিট সিঙে।
Photo: Twitter





























Discussion about this post