মানস জ্যোতি বৰুৱা
বিৰ দি বাট নোপোৱা অৱস্থা খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত (Veterinary College Ground, Khanapara)। দৈনিক সমাগম ঘটিছে হাজাৰ হাজাৰ মানুহৰ। লক্ষ্য-হুনাৰ হাট। ভাৰত চৰকাৰৰ সংখ্যা লঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ উদ্যোগত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ১১ মাৰ্চৰ পৰা অনুষ্ঠিত হৈছে এই হুনাৰ হাট (Hunar Haat)।
দেশৰ ২৮খন ৰাজ্যৰ দুৰ্লভ স্বদেশী হস্তনিৰ্মিত উৎপাদন আৰু পৰম্পৰাগত খাদ্য সম্ভাৰেৰে অনুষ্ঠিত হৈছে ৩৮ সংখ্যক হুনাৰ হাট। ৩৮ সংখ্যক এই হুনাৰ হাট উদ্বোধন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma)। দেশৰ ২৮খন ৰাজ্যৰ মুঠ ৩০০খন বিপনীয়ে অংশ লৈছে এই হুনাৰ হাটত।
সুস্বাদু খাদ্য সম্ভাৰৰ ৫০খন বিপনীত উপলব্ধ প্ৰতিখন ৰাজ্যৰ থলুৱা খাদ্যসম্ভাৰ। ইন্দোৰৰ বিখ্যাত চিৰাৰ পৰা বিহাৰৰ লিট্টি-চোখালৈকে, পাঞ্জাৱৰ ৰাজমাহ চাউল, ৰাজস্থানৰ দাল-বাতি চুৰমাৰ পৰা দিল্লীৰ চোলে ভাটুৰে আৰু দিল্লীৰ চাট।
তন্দুৰী চাহৰ সোৱাদেও আকৰ্ষিত কৰিছে খাদ্য ৰসিকসকলক। আমিষ ভালপোৱা সকলৰ বাবে আকৰ্ষণীয় চিক কাবাব, গালৌটি কাবাব, মচলা মটন আৰু মোৰাদাবাদী বিৰিয়ানী। ইয়াৰ উপৰি কুলফি, জিলাপি, লাড়ু আৰু অন্যান্য মিঠাইৰ ব্যঞ্জনো উপলব্ধ হুনাৰ হাটত।
এই হুনাৰ হাটতেই “আজাদী কা অমৃত মহোৎসৱ” উদযাপনেৰে সংগতি ৰাখি ৰাইজৰ বাবে এক বিশেষ পেভিলিয়ন মুকলি কৰা হয়। এই পেভিলিয়নটো উদ্বোধন কৰে অসম চৰকাৰৰ পৰিবহণ, উদ্যোগ আৰু সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী শ্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে (Chandra Mohan Patowary)। এই পেভিলিয়নক স্বাধীনতা সংগ্ৰামত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা আৰু প্ৰাণ বিসৰ্জন দিয়া ভাৰত মাতাৰ মহান বীৰ পুত্ৰসকলৰ সম্পৰ্কে তথ্যৰে সমৃদ্ধ কৰা হৈছে।
ইয়াত থকা স্ক্ৰীনত, দৰ্শকে সহজে তেওঁলোকৰ বিষয়ে তথ্য লাভ আৰু ঐতিহাসিক আলোকচিত্ৰসমূহ প্ৰত্যক্ষ কৰিব পাৰে। স্বাধীনতা সংগ্ৰামৰ কাহিনী বৰ্ণনাকাৰী তথ্য আৰু ইয়াৰ সৈতে সম্পৰ্কীয় আলোকচিত্ৰসমূহে দৃষ্টি আকৰ্ষণ কৰিছে জ্ঞান পিপাষুসকলৰ।
কি নাই এই হুনাৰ হাটত (Hunar Haat)? শিশুৰ খেলনা সামগ্ৰীৰ পৰা ঘৰ শুৱনি কৰা সামগ্ৰীলৈ। কাশ্মিৰী শ্বলৰ পৰা মনিপুৰী হস্তশিল্পলৈ। প্ৰতি নিশাই অনুষ্ঠিত হৈছে দেশৰ জনপ্ৰিয় শিল্পী সকলৰ সংগীতানুষ্ঠান। নৃত্য-কৌতুক-চাৰ্কাছলৈকে। মনোৰঞ্জনৰ অনেক উপাদান হুনাৰ হাটত। পৰিয়ালৰ সৈতে আপুনিও আহক হোনাৰ হাটলৈ। মন পছন্দৰ সামগ্ৰী ক্ৰয় কৰাৰ লগতে লাভ কৰক বিনোদনো।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/horrific-road-accident-at-dhing-in-assam-2/7549/
Discussion about this post